অসম

assam

By

Published : Aug 7, 2020, 3:13 PM IST

ETV Bharat / state

টীয়কত ড্ৰাগছৰ বিৰুদ্ধে ঐক্যবদ্ধ প্ৰতিবাদ

যোৰহাট জিলাৰ আৰক্ষী অধীক্ষকে সমগ্ৰ ঘটনাটোৰ উচিত তদন্ত আৰু টীয়কৰ চুকে-কোণে গঢ়ি উঠা ড্ৰাগছকে আদি কৰি মাদক দ্ৰব্যৰ অবৈধ ঘাটি উৎখাত কৰিব বুলি আশ্বাস প্ৰদান কৰে আৰু এই ক্ষেত্ৰত ৰাইজৰ সহযোগিতা কামনা কৰে।

protest-against-drugs-in-teok
টীয়কত ড্ৰাগছৰ বিৰুদ্ধে ঐক্যবদ্ধ প্ৰতিবাদ

টীয়ক, 7 আগষ্ট: টীয়কৰ হাঁহচৰা অঞ্চলৰ উৎপল বৰুৱা নামৰ এজন ২৩ বছৰীয়া যুৱকৰ অত্যাধিক ড্ৰাগছ সেৱনৰ ফলত যোৱা ২ আগষ্টত মৃত্যু হোৱা ঘটনাই এতিয়া সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে । উক্ত ঘটনা সন্দৰ্ভত উৎপলৰ পৰিয়ালকে ধৰি কেইবাটাও জাতীয় সংগঠন তথা টীয়কৰ ৰাইজে উচিত তদন্ত কৰি ড্ৰাগছৰ ঘাটি উৎখাত কৰিবলৈ দাবী জনাইছিল যদিও এই ক্ষেত্ৰত টীয়ক আৰক্ষীৰ আশানুৰূপ ভূমিকা প্ৰত্যক্ষ কৰা নহ'ল । তদুপৰি উক্ত ঘটনা সংঘটিত হোৱাৰ কিছুদিন পূৰ্বে এই ঘটনাৰ লগত জড়িত কেইবাজনো যুৱকক কোনো বিশেষ কাৰণত আৰক্ষীয়ে আটক কৰিছিল কিন্তু ৰহস্যজনকভাৱে পৰৱৰ্তী সময়ত এৰি দিয়াৰো অভিযোগ উঠিছে ।

টীয়কত ড্ৰাগছৰ বিৰুদ্ধে ঐক্যবদ্ধ প্ৰতিবাদ

সেয়ে শুকুৰবাৰে টীয়ক আৰক্ষী থানাৰ সন্মুখতে টীয়কৰ বিভিন্ন দল সংগঠন ৰাইজ একত্ৰিত হৈ ড্ৰাগছৰ মুকলি প্ৰচলনৰ বিৰুদ্ধে আৰু ২ আগষ্টৰ দুখজনক ঘটনাৰ উচিত তদন্তৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে এই ঐক্যবদ্ধ সংগ্ৰামৰ জৰিয়তে সমগ্ৰ বিষয়টোত অসমৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীগৰাকীৰ হস্তক্ষেপ বিচাৰিছে ।

উল্লেখ যে, প্ৰতিবাদৰ অন্তত যোৰহাট জিলাৰ আৰক্ষী অধীক্ষকে সমগ্ৰ ঘটনাটোৰ উচিত তদন্ত আৰু টীয়কৰ চুকে-কোণে গঢ়ি উঠা ড্ৰাগছকে আদি কৰি মাদক দ্ৰব্যৰ অবৈধ ঘাটি উৎখাত কৰিব বুলি আশ্বাস প্ৰদান কৰে আৰু এই ক্ষেত্ৰত ৰাইজৰ সহযোগিতা কামনা কৰে।

লগতে পঢ়ক : শিলচৰত গাতত পুতি থোৱা অৱস্থাত উদ্ধাৰ পাঁচ মহীয়া শিশুৰ মৃতদেহ

ABOUT THE AUTHOR

...view details