মৰাণ, ২১ জুলাই :অসম চাহ নিগম লিমিটেডৰ (Assam Tea Corporation Limited) অধীনস্থ বহুকেইখন চাহ বাগিচাৰ লগতে চৰাইদেউ জিলাৰ ডিপ্লিং চাহ বাগিচাকো লীজত দিব বিচৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে অসম চাহ কৰ্মচাৰী সংঘই (Assam Tea Workers Union opposes dipling garden lease) ৷ প্ৰতিবছৰে চাহ নিগমৰ লোকচানৰ পৰিমাণ বাঢ়ি অহাত অনিশ্চিত ভৱিষ্যতৰ দিশে গতি কৰা চাহ বাগিচাসমূহ লীজত দিয়াৰ বিৰোধিতাৰে আজি অসম চাহ কৰ্মচাৰী সংঘৰ ডিপ্লিং শাখাই প্ৰতিবাদ সাব্যস্ত কৰে (Protest against Dipling Tea Garden lease) ।
অসম চাহ নিগমৰ উপাধ্যক্ষ শিৱ ভদ্ৰাৰ প্ৰতিকৃতি জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰী সংঘই (Assam Tea Corporation vice president Shiv Bhadra) । মন কৰিবলগীয়া যে ডিপ্লিং চাহ বাগিচাৰ শ্ৰমিকসকলে ভৱিষ্যনিধিৰ ধনৰ লগতে আনুষাংগিক বহু সুবিধাৰ পৰা বঞ্চিত হৈ আছে দীৰ্ঘদিন ধৰি । ফলত এতিয়া অসম চাহ নিগমে বাগিচাখন লীজত দিবলৈ ওলোৱাত আশংকাৰ সন্মুখীন হৈছে শ্ৰমিকসকল ।