অসম

assam

By

Published : Jan 6, 2020, 8:48 PM IST

ETV Bharat / state

তিতাবৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ "গণ হুংকাৰ"

তিতাবৰ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ "গণ হুংকাৰ" কাৰ্যসূচী ৷ প্ৰতিবাদত 8 গৰাকীকৈ শ্বহীদক সন্মান জনাই আগবাঢ়িবলৈ আহ্বান তিতাবৰবাসী ৰাইজৰ ৷

তিতাবৰ
তিতাবৰত অসম জাতীয়তাবাদীৰ "গণ হুংকাৰ"

তিতাবৰ, 6 জানুৱাৰীঃ সোমবাৰে জনসমুদ্ৰত পৰিণত তিতাবৰৰ দিম্ব দত্ত ক্ষেত্ৰ ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, তিতাবৰ আঞ্চলিক সমিতিয়ে "গণ হুংকাৰ" কাৰ্যসূচী ৰূপায়ণ কৰে ৷ এই গণ হুংকাৰত অংশ গ্ৰহন কৰে পলাশ চাংমাইকে ধৰি বহু কেইগৰাকী জাতীয় সংগঠনৰ নেতা, শিল্পী তথা ডিব্ৰুগড় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী ৷ তিতাবৰৰ হাজাৰ হাজাৰ ৰাইজ তথা তিতাবৰ নগৰৰ ব্যৱসায়ী সকলে দোকান পোহাৰ বন্ধ কৰি স্বতঃস্ফূৰ্তভাবে যোগদান কৰে প্ৰতিবাদী কাৰ্যসূচীত ৷

তিতাবৰত অসম জাতীয়তাবাদীৰ "গণ হুংকাৰ"

আনহাতে, তিতাবৰ অসম আন্দোলন সময়ত শ্বহীদ হৈছিল 8 জন ডেকা ৷ সেই 8 গৰাকীকৈ শ্বহীদক সন্মান জনাই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে যুঁজ দিবলৈ তিতাবৰবাসী ৰাইজক আহ্বান জনায় পলাশ চাংমাই ৷

লগতে পঢ়কঃ ABVP ক নিষিদ্ধ কৰাৰ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

ABOUT THE AUTHOR

...view details