মৰিয়নী, 9 ডিচেম্বৰ : ক্ৰমাত বৃদ্ধি পাইছে অসম-নাগালেণ্ডৰ সীমা বিবাদ ৷ নাগালেণ্ডে বাৰে বাৰে অসমৰ ভূমি দখল কৰা অশান্ত জৰ্জৰ হৈ পৰিছে সীমামূৰীয়া অঞ্চল ৷ অসমৰ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত অবৈধ ভাৱে স্থাপন কৰা নগা আৰক্ষীৰ চাউনি আঁতৰোৱাৰ দাবীত মৰিয়নীত ধোদৰ আলি অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ স্থানীয় লোকৰ ৷
১৫ নৱেম্বৰৰ পৰা নাগালেণ্ডৰ বিৰুদ্ধে কেইবাটাও জাতীয় দল সংগঠনৰ লগতে স্থানীয় ৰাইজে পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছিল ৷ কিন্তু অসম প্ৰশাসনে নগা আৰক্ষী চাউনি আঁতৰোৱাৰ বাবে কোনোধৰণৰ প্ৰদক্ষেপ গ্ৰহণ নকৰাত পুনৰ প্ৰতিবাদ মুখৰ হৈ পৰে মৰিয়নী ৷