ৰহা, 22 নৱেম্বৰঃ ৰহা সমষ্টিৰ মাধৱপাৰা পঞ্চায়তত এম জি এনৰেগাৰ ধন আত্মসাৎৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ ৷ কঠিয়াতলী উন্নয়ণ খণ্ডৰ মাধৱপাৰা পঞ্চায়তত এটা পথ নিৰ্মাণত বি জে পি নেতা বিৰাজ বৰাই কৰা দুৰ্নীতিৰ তদন্ত খৰতকীয়া কৰাৰ বাবে প্ৰতিবাদত নামে অঞ্চলটোৰ ৰাইজ ৷ উল্লেখ্য যে,মাধৱপাৰা পঞ্চায়তৰ ২নং বাৰ্ডত ২০১৬ -১৭ বৰ্ষত এটা পথ নিৰ্মাণৰ বাবে ২ লাখ ৬৩ হাজাৰ টকা অনুমোদন দিয়া হৈছিল ৷ পথটো ২০১৬ বৰ্ষৰ ১৫ ডিচেম্বৰত আধাৰশিলা স্থাপন কৰে ৰহা সমষ্টিৰ বৰ্তমানৰ বিধায়ক ডিম্বেশ্বৰ দাসে ৷ কিন্তু ৰাইজৰ অভিযোগ পথটোৰ বাবে অনুমোদিত ধনৰ ২ লাখ ৬৩ হাজাৰ টকা আত্মসাৎ কৰিছে বিৰাজ বৰাই ৷ বিষয়টোৰ সন্দৰ্ভত ৰাইজে নগাঁও জিলাৰ উপায়ুক্তকে ধৰি বিভিন্ন পক্ষত ৰাজহুৱা অভিযোগ দি আহিছে যদিও তদন্ত লেহেমীয়া হোৱাত ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ। আনহাতে,পঞ্চায়তখনৰ অতি গুৰুত্বপূৰ্ণ পথটো নিৰ্মাণ নোহোৱাৰ বাবে এতিয়া তীব্ৰ সমস্যাৰ সন্মুখীন হৈছে স্থানীয় ৰাইজ ৷
যোৰহাটঃৰাইজৰ দ্বাৰা প্ৰতিষ্ঠিত অপ্ৰাদেশীকৃত বিদ্যালয় সমূহে ৰাজ্য শিক্ষাৰ ক্ষেত্ৰত বহু অৰিহণা যোগায় আহিছে ৷ এই অপ্ৰাদেশীকৃত বিদ্যালয় সমূহ প্ৰাদেশিকীকৰণ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে অপ্ৰাদেশীকৃত বিদ্যালয় প্ৰাদেশিকীকৰণ আইন-২০১৭ প্ৰণয়ন কৰিছিল ৷ কিন্তু শিক্ষা বিভাগৰ হেমাহিৰ বাবেই বহু অপ্ৰাদেশীকৃত বিদ্যালয় আৰু তাত কৰ্মৰত শিক্ষকৰ ভৱিষ্যত এতিয়াও অনিশ্চয়তাৰ পথত ৷ সেয়েহে বিদ্যালয় প্ৰাদেশিকীকৰণ আইন-২০১৭ত চলি থকা বিশৃংখলতাৰ বিৰুদ্ধে শুকুৰবাৰে যোৰহাট জিলাৰ দুগৰাকী বিধায়কৰ ঘৰ ঘেৰাও কৰে শিক্ষক সকলে ৷ আনহাতে, এই আইনখনৰ পুনঃ সংশোধনৰ দাবীত বিধানসভাৰ অধ্যক্ষ আৰু বাচনি সমিতিৰ সদস্য তথা দেৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰ ভৰালী ঘৰ ঘেৰাও কৰি স্মাৰক পত্ৰ প্ৰদান কৰে প্ৰতিবাদী শিক্ষকসকলে ৷