যোৰহাট,4 জানুৱাৰী: অচিৰেই সমাধানৰ দিশে যোৰহাটৰ নিউ ভিল ৰোডস্থিত দৈনিক পাচলি বজাৰখনৰ বাবে সৃষ্টি হৈ অহা দীৰ্ঘদিনীয়া যান-জঁটৰ সমস্যা ৷ কাৰণ অতি সোনকালে এই দৈনিক বজাৰখন আন কোনোবা স্থানলৈ স্থানান্তৰ হোৱাৰ সম্ভৱণা প্ৰকট হৈ পৰিছে ৷ সোমবাৰে যোৰহাট পৌৰসভাৰ কাৰ্যবাহী বিষয়া,নিউ ভিল ৰোড ব্যৱসায়ী সন্থাৰ সভাপতি সম্পাদককে আদি কৰি কেইবাজনো ব্যক্তিয়ে বজাৰখন পৰিদৰ্শন কৰি দীৰ্ঘদিনীয়া সমস্যাৰ স্থায়ী সমাধান সন্দৰ্ভত আলোচনা কৰে ৷
সমাধানৰ দিশে যোৰহাটৰ এখন পাচলি বজাৰৰ সমস্যা - Probelms of daily market of new vill road
বজাৰ খনৰ বাবে দীৰ্ঘদিনৰ পৰা ব্যাপক যান-জঁটৰ সমস্যাত ভুগি আহিছিল সাধাৰণ জনতা ৷ সোমবাৰে এই সমস্যা সন্দৰ্ভত বজাৰখন পৰিদৰ্শন কৰে যোৰহাট পৌৰসভাৰ বিষয়ববীয়াই ৷
সমাধানৰ দিশে যোৰহাটৰ নিউ ভিল ৰোডস্থিত দৈনিক পাচলি বজাৰৰ সমস্যা
উল্লেখ যে,যোৰহাট পৌৰসভাই দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে গ্ৰহণ কৰিব বিচাৰিছে এটা স্থায়ী সমাধানৰ পথ৷ এই কথা জনাইছে যোৰহাট পৌৰসভাৰ কাৰ্যবাহী বিষয়াই ৷
লগতে পঢ়কঃবিশিষ্ট সাহিত্যিক ভৱপ্ৰসাদ চলিহালৈ ২০২০ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা