অসম

assam

By

Published : Feb 15, 2020, 9:02 PM IST

ETV Bharat / state

ৰাষ্ট্ৰপতিৰ আদেশক প্ৰত্যাহ্বান, চুপ্ৰিম ক'ৰ্টত গোচৰ ৰুজু আটাছুৰ

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰে আটাছুয়ে ৷ আন্তঃৰাজ্যিক পাৰ পত্ৰক লৈ ৰাষ্ট্ৰপতিৰ আদেশক প্ৰত্যাহ্বান জনাই অসমক কেন্দ্ৰীয় চৰকাৰে বঞ্চনা কৰাৰ অভিযোগত উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰে সদৌ তাই আহোম ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিয়ে ।

যোৰহাট
ৰাষ্ট্ৰপতিৰ আদেশক প্ৰত্যাহ্বান, চুপ্ৰিম ক'ৰ্টত গোচৰ ৰুজু আটাছুৰ

যোৰহাট, 15 ফেব্ৰুৱাৰীঃৰাষ্ট্ৰপতিৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু আটাছুৰ ৷ আন্তঃৰাজ্যিক পাৰ পত্ৰক লৈ অসমক কেন্দ্ৰীয় চৰকাৰে বঞ্চনা কৰাৰ অভিযোগত উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰে সদৌ তাই আহোম ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিয়ে । আন্তঃৰাজ্যিক পাৰ পত্ৰৰ ক্ষেত্ৰত দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে বিগত বৰ্ষৰ ১১ ডিচেম্বৰত দিয়া সংশোধনী আদেশক প্ৰত্যাহ্বান জনায় উচ্চতম ন্যায়ালয়ত ১৩ ফেব্ৰুৱাৰীত গোচৰ ৰুজু কৰে সংগঠনটোৰ যোৰহাট জিলা সমিতিয়ে ।

ৰাষ্ট্ৰপতিৰ আদেশক প্ৰত্যাহ্বান, চুপ্ৰিম ক'ৰ্টত গোচৰ ৰুজু আটাছুৰ

উল্লেখ্য যে, এই সংশোধনী আদেশ অনুসৰি অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মনিপুৰ আৰু মিজোৰামত আন্তঃৰাজ্যিক পাৰ পত্ৰ প্ৰৱৰ্তন কৰাৰ বিপৰীতে বঞ্চিত কৰাৰ অভিযোগ অসমক । আনহাতে আটাছুৰ যোৰহাট সমিতিৰ হৈ উচ্চতম ন্যায়ালয়ৰ অধিবক্তা কৌশিক চৌধুৰীয়ে আবেদন দাখিল কৰে উচ্চতম ন্যায়ালয়ত ।

আৰু পঢ়কঃ ভাৰতীয় জনতা পাৰ্টীৰ কলিয়াপানী মণ্ডলৰ সম্বৰ্দ্ধনা সভা

ABOUT THE AUTHOR

...view details