অসম

assam

ETV Bharat / state

বিয়লি ৩ বজালৈ লক ডাউন শিথিল কৰাৰ আহ্বান উজনি অসম চেম্বাৰ্ছ অৱ কৰ্মাছৰ

চৰকাৰে দিনৰ ১২ বজাৰলৈকে ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ নিৰ্দেশ দিয়াত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ব্যৱসায়ীসকলৰ মাজত ৷ উজনি অসম চেম্বাৰ্ছ অৱ কৰ্মাছে মুখ্যমন্ত্ৰীক নতুনকৈ নিৰ্দেশনা জাৰি কৰি লক ডাউনৰ ক্ষেত্ৰত কিছু শিথিলতা অনাৰ বাবে অনুৰোধ জনায় ।

pressmeet of Chamber of commerce
বিয়লি ৩ বজালৈ লক ডাউন শিথিল কৰাৰ আহ্বান উজনি অসম চেম্বাৰ্ছ অৱ কৰ্মাছৰ

By

Published : Jul 28, 2021, 11:04 AM IST

যোৰহাট, 27 জুলাই :যোৰহাট জিলাত বিগত প্ৰায় এটা মাহ লক ডাউন বাহাল থকাত একমাত্ৰ জৰুৰী সেৱা বাহিৰে অন্যান্য ব্যৱসায় বাণিজ্য সম্পূৰ্ণ ৰূপত বিধ্বস্ত হৈ পৰিছে । দৰিদ্ৰ লোকৰসকলৰ লগত আৰ্থিকভাৱে টনকিয়াল নোহোৱা পৰিয়াল এতিয়া জীয়াই থাকিবলৈ নোৱাৰা অৱস্থা হৈছে । যাৰবাবে মঙলবাৰে উজনি অসম চেম্বাৰ্ছ অৱ কৰ্মাছে যোৰহাট জিলাত এখন সংবাদমেলৰ আয়োজন কৰে । সংবাদমেলত উজনি অসম চেম্বাৰ্ছ অৱ কৰ্মাছে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ দুপৰীয়া ১২ বজাৰ পৰিবৰ্তে বিয়লি ৩ বজালৈকে খোলাৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ।

উল্লেখ্য যে, যোৰহাট জিলাৰ পৰাই উজনি অসমৰ কেইবাখনো জিলালৈ খাদ্য সামগ্ৰীৰ লগতে অন্যান্য সামগ্ৰীৰ পাইকাৰী ব্যৱসায় চলি আহিছে । কিন্তু চৰকাৰে দিনৰ ১২ বজাৰলৈকে ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ নিৰ্দেশ দিয়াত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ব্যৱসায়ীসকলৰ মাজত ৷ সেয়ে উজনি অসম চেম্বাৰ্ছ অৱ কৰ্মাছে চৰকাৰক বিয়লি ৩ বজালৈকে সকলো খোলা ৰাখিব পৰাকৈ নতুন নিৰ্দেশনা জাৰি কৰিবলৈ অনুৰোধ জনাইছে ।

বিয়লি ৩ বজালৈ লক ডাউন শিথিল কৰাৰ আহ্বান উজনি অসম চেম্বাৰ্ছ অৱ কৰ্মাছৰ

ইয়াৰ উপৰিও উজনি অসম চেম্বাৰ্ছ অৱ কৰ্মাছে চৰকাৰক আন্তঃজিলা অন্তত সপ্তাহত দুটা দিন মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰাৰ বাবে আহ্বান জনায় । তেওঁলোকে ৰাজ্য চৰকাৰে এই বিষয়টো গুৰুত্ব দিয়াৰ বাবে আহ্বান জনায় ৷ অন্যথা যোৰহাট জিলা এক ভয়ংকৰ অৱস্থা লৈ গতি কৰিব বুলি চেম্বাৰ্ছ অৱ কৰ্মাছে উল্লেখ কৰে ৷

উজনি অসম চেম্বাৰ্ছ অৱ কৰ্মাছে মুখ্যমন্ত্ৰীক নতুনকৈ নিৰ্দেশনা জাৰি কৰি লক ডাউনৰ ক্ষেত্ৰত কিছু শিথিলতা অনাৰ বাবে অনুৰোধ জনায় । সংবাদমেলত উজনি অসম চেম্বাৰ্ছ অৱ কৰ্মাছৰ হৈ দিলীপ আগৰৱালা, মাখন গটানি, ধুলিচন্দ আগৰৱালা আৰু অশোক মালপানী উপস্থিত থাকে ৷

লগতে পঢ়ক :তপতজুৰিৰ 18 টাকৈ বন্যহস্তীৰ মৃত্যু সন্দৰ্ভত জামিনবিহীন গোচৰ ৰুজু

ABOUT THE AUTHOR

...view details