যোৰহাট, 3 মাৰ্চ : যোৰহাট সমষ্টিত ৰাইজৰ দলৰ পৰা দিব্যজ্যোতি শৰ্মা প্ৰাৰ্থীত্ব দিবলৈ দাবী তুলিলে ৰাজইৰ দলৰ যোৰহাট জিলা সমতিয়ে ৷ বুধবাৰে এক সংবাদমেলৰ জৰিয়তে এই দাবী তোলে ৰাজইৰ দলৰ যোৰহাট জিলা সমতিয়ে ৷
'ৰাইজৰ দল আৰু এজেপিৰ মাজত আসন বুজা বুজি হ'ব ৷ ৰাইজৰ দলৰ প্ৰাৰ্থীক টিকত প্ৰদাণ কৰিলে যোৰহাট সমষ্টিত জয়ী হোৱাতো নিশ্চিত ৷' ৰাইজৰ দলৰ যোৰহাট জিলা নেতৃত্বই কয় ৷ লগতে কা' আন্দোলনত জড়িত নথকা ব্যক্তিক প্ৰাৰ্থীত্ব প্ৰদাণ কৰিলে ৰাইজৰ দলৰ পৰা সহযোগ নাপাব বুলিও ৰাইজৰ দলৰ যোৰহাট জিলা নেতৃত্বই স্পষ্ট কৰি দিয়ে ৷