যোৰহাট, ২৬ মাৰ্চ: শনিবাৰে অনুষ্ঠিত হ'ব অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ । ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া জিলাসমূহত । যোৰহাটত বিধানসভা নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে কি কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেই বিষয়ে এক সংবাদমেল সম্বোধন কৰি জানিবলৈ দিছে জিলা উপায়ুক্তগৰাকীয়ে ।
বিধানসভা নিৰ্বাচনৰ বাবে সাজু কৰা হৈছে ৫ টা ফ্লাইং স্কোৱাডৰ লগতে ৫ টা ষ্ট্ৰেজেটিক ছাৰ্ভিলেন্স টীম । ইয়াৰ উপৰিও যোৰহাটৰ বিলাতী সুৰা বিপণীসমূহৰ ওপৰত তীক্ষ্ণ নিৰীক্ষণ ৰখা হৈছে । নগৰখনৰ বিভিন্ন স্থানত নাকা চেকিঙৰ ব্যৱস্থা কৰা হৈছে । বৰ্তমানলৈকে চি-ভিজিলৰ জৰিয়তে ৪৫ টা আপত্তি ৰুজু কৰা হৈছে । যোৱা ১৫ মাৰ্চৰ পৰা ২১ মাৰ্চলৈকে ৩২৮৪ গৰাকী ৮০ ৰ উৰ্ধ্বৰ ব্যক্তি আৰু দিব্যাংগ লোকে ভোটদান কৰিছে ।