যোৰহাট, 21 জুন : আজিৰ পৰা ছশ বছৰ পূৰ্বে মহাপুৰুষ গুৰুজনাৰ অপূৰ্ব সৃষ্টি বৃন্দাৱনী বস্ত্ৰ প্ৰাচীন অসমৰ উন্নত বয়ন শিল্পৰ এক মহান নিদৰ্শন । সম্প্ৰতি গুৰুজনাৰ সৃষ্ট বৃন্দাৱনী বস্ত্ৰ ভাগি বিদেশৰ লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামকে ধৰি বহুকেইটা মিউজিয়ামত খণ্ড খণ্ডকৈ প্ৰায় সুৰক্ষিত হৈ আছে যদিওঁ প্ৰতিখন চৰকাৰেই লণ্ডনৰ পৰা অসমীয়াৰ হিয়াৰ আমঠু বস্ত্ৰ ভাগি আনি ৰাজ্যবাসীক প্ৰদৰ্শনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি থকা পৰিলক্ষিত হৈছে ৷ এই সময়তেই অচিৰেই যোৰহাটতে "অনুকৃতিমূলক বৃন্দাৱনী বস্ত্ৰ" প্ৰদৰ্শন হ'ব বুলি মঙলবাৰে যোৰহাট প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত সদৰী কৰে যোৰহাটৰ বিশিষ্ট চিত্ৰশিল্পী তথা ভাস্কৰ্য শিল্পী ড৹ ৰঞ্জিত বৰুৱাই । সংবাদমেলত ড৹ বৰুৱাই ৰাজ্যখনৰ বিভিন্ন সত্ৰ- অনুষ্ঠানে গুৰুজনাৰ সৃষ্ট বৃন্দাৱনী বস্ত্ৰৰ আৰ্হিৰ দ্বিতীয়খন বস্ত্ৰ প্ৰস্তত কৰাৰ খবৰ প্ৰচাৰ মাধ্যমত ইতিমধ্যে প্ৰকাশ পাইছে বুলি উল্লেখ কৰি দীৰ্ঘ বছৰ ধৰি বিভিন্ন অধ্যয়নৰ জৰিয়তে "অনুকৃতিমূলক বৃন্দাৱনী বস্ত্ৰ"ৰ দহটা খণ্ডৰ প্ৰস্ততি সম্পূৰ্ণ কৰি দেশবাসীক উৎসৰ্গা কৰিবলৈ আগবঢ়াৰ কথা উল্লেখ কৰে ।
Press meet on Vrindavani Vastra: বৃন্দাৱনী বস্ত্ৰ সন্দৰ্ভত সংবাদ মেল - বৃন্দাবনী বস্ত্ৰৰ আৰ্হিত অনুকৃতিমূলক বৃন্দাৱনী
অচিৰেই দেশবাসীলৈ উৎসৰ্গিত কৰিব গুৰুজনাৰ অপূৰ্ব সৃষ্ট "বৃন্দাৱনী বস্ত্ৰ" ৷ পাশ্চাত্যত সংৰক্ষিত বৃন্দাবনী বস্ত্ৰৰ আৰ্হিত অনুকৃতিমূলক বৃন্দাৱনী বস্ত্ৰৰ প্ৰস্তুত সম্পূৰ্ণ কৰিলে যোৰহাটৰ চিত্ৰ ভাস্কৰ্য শিল্পী ডঃ ৰঞ্জীত বৰুৱাই

উল্লেখযোগ্য যে, "কৃষ্ণ-ইন দী গাৰ্ডেন অৱ আসাম" শীৰ্ষক ছমহীয়া বিনামূলীয়া প্ৰৰ্দশনী অনুষ্ঠান 2016 চনৰ 21 জানুৱাৰীৰ পৰা 15 আগষ্টলৈ অনুষ্ঠিত হয় বুলি জানিবলৈ দিয়ে ভাস্কৰ্য শিল্পীজনে ৷ লগতে বিষয়টো সন্দৰ্ভত বিশেষজ্ঞসকলে একেটা বৰ্ষতে 8-9 জুলাইত দুদিনীয়াকৈ আলোচনা চক্ৰ অনুষ্ঠিত কৰিছিল বুলি জানিবলৈ দিয়ে । লগতে তেওঁ উল্লেখ কৰে যে, ৰাজ্যখনৰ ভক্ত-বৈষ্ণৱ আৰু বস্ত্ৰ ভাগিৰ অপেক্ষাত থকা ৰাইজক দৰ্শনৰ বাবে লণ্ডন, আমেৰিকা, পেৰিচ, ইটালী আদি বিভিন্ন স্থানলৈ যাব নলগাকৈয়ে অসমতে দৰ্শনৰ ব্যৱস্থা কৰা হৈছে বুলি ।
লগতে পঢ়ক :CM in Dhubri : লাভ জেহাদৰ ঘটনাই দুটা সম্প্ৰদায়ৰ মাজত অবিশ্বাসৰ বাতাবৰণ সৃষ্টি কৰে