অসম

assam

ETV Bharat / state

আলফাৰ লগত সম্পৰ্ক আছিল দীপাংকৰ গগৈৰ : আৰক্ষী অধীক্ষক - Jorhat News

Press Meet of Jorhat SP : যোৰহাটৰ আৰক্ষী অধীক্ষক মোহন লাল মিনাৰ সংবাদমেল ৷ দীপাংকৰ গগৈ নামৰ যুৱকজনে চৰম পন্থা লোৱাৰ অভিযোগ সন্দৰ্ভত এই সংবাদমেল ৷

Press Meet of Jorhat SP
দীপাংকৰ গগৈৰ আত্মহত্যাৰ ঘটনা

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 6:46 PM IST

যোৰহাটৰ আৰক্ষী অধীক্ষকৰ সংবাদমেল

যোৰহাট, 27 ডিচেম্বৰ : আৰক্ষীৰ নিৰ্যাতন বলি হৈ দীপাংকৰ গগৈ নামৰ যুৱকজনে চৰম পন্থা লোৱাৰ অভিযোগ সন্দৰ্ভত যোৰহাটৰ আৰক্ষী অধীক্ষক মোহন লাল মিনাৰ সংবাদমেল ৷ এই ঘটনা সন্দৰ্ভত সংবাদমেল যোগে স্পষ্টীকৰণ দিয়ে আৰক্ষী অধীক্ষকজনে ৷

তেওঁ কয় যে, দীপাংকৰ গগৈ আলফাৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত থকা বহু তথ্য পোৱা গৈছে আৰু দীপাংকৰ অস্ত্ৰ সৰবৰাহৰ লগতো জড়িত আছিল ৷ আনহাতে আৰক্ষীৰ নিৰ্যাতন সহিব নোৱাৰি চৰমপন্থা গ্ৰহণ কৰি দীপাংকৰ গগৈয়ে মৃত্যুক আকোঁৱালি লোৱা সন্দৰ্ভত আৰক্ষী অধীক্ষক গৰাকীয়ে কয় যে, আৰক্ষীয়ে দীপাংকৰক কোনো ধৰণৰ অত্যাচাৰ চলোৱা নাই, কাৰণ আৰক্ষী থানাত চি চি টিভি সক্ৰিয় ৰূপত থাকে ৷ যদি আৰক্ষীয়ে নিৰ্যাতন চলাইছে সেয়া তদন্তত স্পষ্ট হ'ব লগতে যোৰহাটত আলফাৰ সক্ৰিয়তা নাই বুলি ক'ব নোৱাৰি বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে মত প্ৰকাশ কৰে ৷

আনহাতে মৃত দীপাংকৰ গগৈয়ে চলিত মাহত অৰুণাচল আৰু নাগালেণ্ডৰ মোকচাঙত বাহৰ পাতিছিল বুলি কয় আৰক্ষী অধীক্ষকগৰাকীয়ে ৷ লগতে দীপাংকৰ গগৈৰ ম’বাইলৰ অডিঅ’ আৰু হোৱাটছএপত বিভিন্ন ধৰণৰ আপত্তিজনক মন্তব্য আৰু মেছেজ পোৱা গৈছে বুলিও জনায় তেওঁ ৷ বিগত মাহত যোৰহাটত হোৱা গুলীচালনাৰ ঘটনাত জড়িত থকা লক্ষীমপুৰৰ সঞ্জীৱ বৰুৱা নামৰ লোকজনৰ পৰা দীপাংকৰ গগৈয়ে পিষ্টল ক্ৰয় কৰিছিল আৰু 14 ডিচেম্বৰত যোৰহাটৰ সেনা ছাউনীত সংঘটিত হোৱা গ্ৰেণেড বিস্ফোৰণত দীপাংকৰ গগৈ পৰোক্ষভাৱে জড়িত থকাৰো ইংগিত দিয়ে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷

ইফালে বৰ্তমান যোৰহাটত 150 গৰাকী ছালফা থকাৰ লগতে 70 ৰ পৰা 78 জনে আলফাৰ সমৰ্থনত ছ’চিয়েল মিডিয়াত পোষ্ট কৰা বুলিও তেওঁ প্ৰকাশ কৰে ৷ উল্লেখ্য যে, 2019 চনত শিৱসাগৰৰ পল্লৱ জ্যোতি গগৈ আৰু দীপাংকৰ গগৈয়ে আলফাত যোগদান কৰিছিল ৷ অসম ৰাইফলছ আৰু অসম আৰক্ষীৰ হাতত আটক হৈ দীপাংকৰ গগৈয়ে জেল হাজোতত দিন কটাইছিল বুলিও আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক :প্ৰতিদিনে আৰক্ষীৰ জেৰা আৰু মাৰপিট, অৱশেষত গছত চিপ লৈ হত্যা দীপাংকৰৰ

ABOUT THE AUTHOR

...view details