অসম

assam

কাৰ নিৰ্দেশত ৰাজপাল-বিপ্লৱে গ্ৰেণেড যোগান ধৰিছিল, স্পষ্ট কৰিলে যোৰহাট আৰক্ষী অধীক্ষকে

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 3:22 PM IST

Updated : Jan 8, 2024, 3:45 PM IST

Jorhat grenade blast : গ্ৰেণেড বিস্ফোৰণ সন্দৰ্ভত এক সংবাদমেল সম্বোধন যোৰহাট আৰক্ষী অধীক্ষকৰ ৷ লিচুবাৰী সেনা ছাউনীত বিস্ফোৰণৰ বাবে গ্ৰেণেড যোগান ধৰা দুই যুৱকক ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত নিতাইপুখুৰীৰ পৰা গ্ৰেপ্তাৰ ৷

Jorhat grenade blast
যোৰহাটৰ গ্ৰেণেড বিস্ফোৰণ

যোৰহাট আৰক্ষী অধীক্ষকৰ সংবাদমেল

যোৰহাট, 8 জানুৱাৰী : 14 ডিচেম্বৰৰ নিশা 7.21 বজাত বাইকত অহা দুই যুৱকে লিচুবাৰী সেনা ছাউনীৰ 41 নং উপ অঞ্চলৰ সেনাৰ প্ৰৱেশদ্বাৰৰ সন্মুখত গ্ৰেণেড বিস্ফোৰণ সংঘটিত কৰি ঘটনাস্থলীৰ পৰা নিবিৰ্ঘ্নে আতঁৰি গৈছিল ৷ অৱশেষত বিভিন্ন তথ্য আৰু অনুসন্ধানৰ ভিত্তিত যোৰহাট আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত 28 ডিচেম্বৰত মৰাণৰ পৰা অচ্যুত গগৈ আৰু তিতাবৰৰ বৰহোলাৰ পৰা বিৰাজ কছাৰীক গ্ৰেপ্তাৰ কৰিছিল ৷ বৰ্তমান দুয়োজন জেল হাজোতত আছে ৷ উল্লেখ্য যে, যোৰহাটৰ সেনা ছাউনীত হোৱা গ্ৰেণেড বিস্ফোৰণ সন্দৰ্ভত আজি এক সংবাদমেল সম্বোধন কৰে যোৰহাটৰ আৰক্ষী অধীক্ষকে ৷

আনহাতে বিৰাজ কছাৰী আৰু অচ্যুত গগৈক টিয়কত লিচুবাৰী সেনা ছাউনীত বিস্ফোৰণৰ বাবে গ্ৰেণেড যোগান ধৰা দুই যুৱকক ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত নিতাইপুখুৰীৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ যোৰহাট আৰক্ষীৰ হাতত দেওবাৰে নিশা গ্ৰেপ্তাৰ হোৱা দুই যুৱকদ্বয় হ’ল ক্ৰমে ৰাজপাল গগৈ আৰু বিপ্লৱ বৰুৱা ৷ এই কথা আজি সংবাদমেল যোগে আনুষ্ঠানিক ভাৱে প্ৰকাশ কৰে যোৰহাটৰ আৰক্ষী অধীক্ষক মোহন লাল মিনাই ৷

আনহাতে বিৰাজ কছাৰী আৰু অচ্যুত গগৈয়ে যাতে গ্ৰেণেড বিস্ফোৰণ সুকলমে সম্পন্ন কৰিব পাৰে আৰু আৰ্থিক দিশত যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে আইছেং অসমৰ নিৰ্দেশত ৰাজপাল গগৈ আৰু বিপ্লৱ বৰুৱাই বিৰাজ কছাৰীৰ একাউন্টত 5 হাজাৰ টকা দিছিল ৷ যোৰহাট আৰক্ষীৰ হাতত দেওবাৰে নিশা আটক হোৱা দুয়োজনে শিৱসাগৰৰ ৰাজমাইতো গ্ৰেণেড যোগান ধৰিছিল বুলি যোৰহাটৰ আৰক্ষী অধীক্ষক গৰাকীয়ে সংবাদমেলত জানিবলৈ দিয়ে ৷

লগতে পঢ়ক :ম্যানমাৰস্থিত আলফা স্বাধীনৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণেৰে আক্ৰমণ

Last Updated : Jan 8, 2024, 3:45 PM IST

ABOUT THE AUTHOR

...view details