যোৰহাট জিলা বিজেপি কাৰ্যালয়ত সংবাদমেল সম্বোধন জিলা সভাপতিৰ যোৰহাট, 7 জুন:আভ্যন্তৰীণ সংঘাতত জৰ্জৰিত যোৰহাট জিলা বিজেপি ৷ ইজনৰ পিছত সিজন বিজেপি সদস্যই দল ত্যাগ কৰিছে যোৰহাটত ৷ যোৰহাট জিলা বিজেপিত চলি থকা আভ্যন্তৰীণ সংঘাতত অসহায় হৈ পৰিছে যোৰহাট জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতা (Press Meet of Jorhat District BJP President) ৷
এই বিষয় সন্দৰ্ভত বুধবাৰে যোৰহাট জিলা বিজেপি কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে জিলা সভাপতিগৰাকীয়ে ৷ সংবাদমেলত তেওঁ কয় যে, অমৰ,বীৰেণ ,নীৰেণ, ঈশ্বৰ বিজেপিত এইধৰণৰ কোনো প্ৰশ্ন নাই ৷ সভাপতি হেমন্ত কলিতাও যদি দলত নাথাকে তেন্তে তেতিয়াও বিজেপি আজিৰ দৰে চলি থাকিব ৷ সংবাদমেলত জিলা সভাপতিগৰাকীয়ে কয় যে, বিজেপিত অমৰ,বীৰেণ,নীৰেণ আৰু ঈশ্বৰ ইত্যাদি কোনো প্ৰশ্ন নাহে, কাৰণ বিজেপি দলে সদায় একত্ৰিত ভাৱে কাম কৰি আহিছে আৰু কৰি থাকিব (Press Meet of Jorhat District BJP) ৷
উল্লেখযোগ্য যে, সভাপতি হেমন্ত কলিতাই নাম লোৱা ঈশ্বৰ প্ৰসন্ন বৰদলৈয়ে যোৰহাট জিলা বিজেপিৰ সভাপতি গৰাকীৰ বিৰুদ্ধে সেচ্ছাচাৰিতাৰ অভিযোগ তুলি জিলা সমিতিৰ সম্পাদক পদৰ পৰা পদত্যাগ কৰিছিল ৷ বিজেপিত দুজন সদস্য আঁতৰি গলেও বিজেপি দল কেতিয়াও দুৰ্বল নহয় আৰু যদি ময়ো দলত নাথাকো বিজেপি আজি যিদৰে চলি আছে আৰু সেইদৰে ভৱিষ্যতেও শক্তিশালী ৰূপত চলি থাকিব বুলি মন্তব্য কৰে হেমন্ত কলিতাই ( Jorhat District BJP) ৷
সভাপতি হেমন্ত কলিতাই পুনৰ কয় যে, বেলেগ বেলেগ সময়ত বেলেগ বেলেগ কাৰ্যকৰ্তাক দলৰ দায়িত্ব দিয়া হয় কাৰণ বিজেপি সহস্ৰাধিক কাৰ্যকতাৰে পৰিপূৰ্ণ হৈ আছে ৷ উল্লেখ্য যে যোৰহাট জিলা বিজেপিত হোৱা বিসম্বাদৰ এটা ভিডিঅ’ সমাজিক মাধ্যমত ভাইৰেল হোৱাৰ লগতে সংবাদ মাধ্যমত স্থান দখল কৰাৰ পিছৰ পৰাই যোৰহাট বিজেপিত বিসম্বাদৰ জুই তথা আভ্যন্তৰীণ সংঘাত বৃদ্ধি পাবলৈ ধৰিলে ৷ এই ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত যোৰহাট জিলা বিজেপিৰ উপ-সভাপতি, সাধাৰণ সম্পাদক ঈশ্বৰ প্ৰসন্ন বৰদলৈৰ লগতে কেইবাজনো বিষয়ববীয়াই পদৱীৰ পৰা পদত্যাগ কৰাৰ ধাৰাৰ আজিও অব্যাহত আছে ৷ কিন্তু এই পৰ্যন্ত যোৰহাট জিলা বিজেপিত সৃষ্টি হোৱা বিসম্বাদ মষিমূৰ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ৰূপে বিফল হৈছে ৰাজ্যিক বিজেপি (BJP members resign in Jorhat) ৷
যদি অনাগত সময়লৈ এই ধাৰা অব্যাহত থাকে তেন্তে যোৰহাটত বিজেপিৰ ভেঁটি যে দুৰ্বল হৈ পৰিব সেয়া কোনেও নুই কৰিব নোৱাৰে ৷ তাৎপৰ্যপূৰ্ণ যে বিজেপিৰ এইকেইজন কৰ্মকৰ্তাই বিষয়বাব হে এৰিছে কিন্ত কোনো এজনেও দল ত্যাগ কৰা নাই ৷ আনহাতে যোৰহাট জিলা বিজেপিত চলি থকা ক্ষমতা কেন্দ্ৰিক যুজঁখন আঁততৰ পৰাই চায় কংগ্ৰেছে সন্তুষ্ট লৈছে (Internal fight in Jorhat BJP) ৷
লগতে পঢ়ক:Minister Kiren Rijiju at Hojai: হোজাইত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু; অসম-অৰুণাচল সীমান্তৰ গুলিচালনাৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া