অসম

assam

ETV Bharat / state

আন্ত:ৰাজ্যিক পাৰপত্ৰ সন্দৰ্ভত যোৰহাটত আটাছুৰ সংবাদ মেল - উচ্চতম ন্যায়ালয়ত আটাছু'ৰ আবেদন

আন্ত:ৰাজ্যিক পাৰপত্ৰ সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ত আটাছু'ৰ আবেদনৰ প্ৰথম শুনানী ৷

press meet by atasu about inner line permit jorhat
আন্ত:ৰাজ্যিক পাৰপত্ৰ সন্দৰ্ভত যোৰহাটত আটাছুৰ সংবাদ মেল

By

Published : May 29, 2020, 8:01 PM IST

যোৰহাট,29মেঃ আন্ত:ৰাজ্যিক পাৰপত্ৰ এক দীঘলীয়া সমস্যা ৰাজ্য খনৰ বাবে, বহু সময়ত প্ৰতিবাদৰ পাছত প্ৰতিবাদ সাব্যস্ত কৰাৰ শেষতো চৰকাৰৰ গা নলৰা পিছত ৰাজ্যখনৰ আগ্ৰনী জাতীয় সংগঠন সদৌ তাই আহোম ছাত্ৰ সন্থাই যোৱা ১৩ ফেব্ৰুৱাৰী ২০২০ উচ্চতম ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছিল।যিহেতু দেশৰ ৰাষ্ট্ৰপতিয়ে ২০১৯ চনৰ ১১ ডিচেম্বৰ ত সংশোধনী আদেশ জাৰি কৰিছিল। তেনে সময়ত যোৰহাটৰ পৰা উচ্চতম ন্যায়ালয়ত জাতীয় সংগঠন টোৱে উচ্চতম ন্যায়ালয়ৰ অধিবক্তা মলেন কুমাৰ গগৈৰ উদ্যোগত লেখ আবেদন দাখিল কৰিছিল। উচ্চতম ন্যায়ালয়ে আন্ত:ৰাজ্যিক পাৰপত্ৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি শুনানী ৰ দিন আজি অৰ্থাৎ ২৯ মে ২০২০ ধায্য কৰিছিল যদিও দুৰ্ভাগ্যৱশত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ উপস্থিত নথকাত পুনৰ ২ জুনত শুনানী গ্ৰহণ কৰা হব।

আন্ত:ৰাজ্যিক পাৰপত্ৰ সন্দৰ্ভত যোৰহাটত আটাছুৰ সংবাদ মেল

আনহাতে আটাছুয়ে আজি যোৰহাটৰ জয়া ভৱনত অনুষ্ঠিত হোৱা সংবাদ মেলত এই কথা উল্লেখ কৰে। ইপিনে কেন্দ্ৰীয় আৰু ৰিজ্য চৰকাৰে দিহিং পাটকাইত কয়লাৰ মুক্ত খনন বন্ধ কৰিবলৈ দাবী জনায়। জৈৱ বৈচিত্ৰ মেঠমৰা ভৰাল দিহিং পাটকাই ধ্বংসৰ ষড়যন্ত্ৰ মানি নলয় জাতীয় সংগঠন আটাছুয়ে সদৰি কৰে । ইয়াৰ উপৰিও ৮ খন তৈলক্ষেত্ৰ বেচৰকাৰী খণ্ডৰ হাতত অৰ্পণ কৰা কায্যক এক হঠকাৰী সিদ্ধান্ত বুলি মন্তৱ্য কৰিলে আটাছুৰ যোৰহাট জিলা সমিতিয়ে।

লগতে পঢ়কঃ কলকাতা আৰক্ষীৰ জালত দুধৰ্ষ JMB সন্ত্ৰাসবাদী আব্দুল কৰিম

ABOUT THE AUTHOR

...view details