যোৰহাট, 6 এপ্ৰিল :তিনিদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হ’ল ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু (President Droupodi Murmu Assam visit) । বৃহস্পতিবাৰে দুপৰীয়া ১.৪০ বজাত যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰত ৰাষ্ট্ৰপতিগৰাকী অৱতৰণ কৰাৰ লগে লগেই আদৰণি জনায় ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Assam governor and CM warm welcome President) ।
আজিৰ কাৰ্যসূচী অনুসৰি বিয়লি ভাগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত (Kaziranga National Park) উপস্থিত হৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে বাগৰি বনাঞ্চলত জীপ ছাফাৰী কৰিব (President Droupodi Murmu at Kaziranga)। জীপ ছাফাৰী কৰি ৰাষ্ট্ৰপতি গৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৌন্দৰ্য উপভোগ কৰিব ৷ শুকুৰবাৰে ৰাষ্ট্ৰপতিগৰাকীয়ে কাজিৰঙাত অনুষ্ঠিত হ'বলগীয়া গজ মহোৎসৱৰ প্ৰথম দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব (Elephant Festival 2023)।
ৰাষ্ট্ৰপতিগৰাকীক আদৰাৰ লগতে তদাৰক বাবে কৃষিমন্ত্ৰী অতুল বৰা (Agriculture Minister Atul Bora), বিত্তমন্ত্ৰী অজন্তা নেওগ (Finance Minister Ajanta Neog) আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক (Minister Chandra Mohan Patowary) দায়িত্ব অৰ্পন কৰা হৈছে ৷