যোৰহাট,৩ মে': মাতৃভাষাৰ শিক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি অহা তথা অসমীয়া জাতিসত্বাৰ উত্তৰণৰ ক্ষেত্ৰত উৎসৰ্গিত অসম জাতীয় বিদ্যালয়ৰ ৰাজ্যিক সমাৰোহ-২০২৩ পোনপ্ৰথমবাৰৰ বাবে গুৱাহাটীৰ বাহিৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । অহা ৫ মে'ৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে পশ্চিম যোৰহাটৰ স্বৰ্গদেউ চাওলুং চ্যুকাফা সমন্বয় ক্ষেত্ৰত বিশাল আয়োজনেৰে অনুষ্ঠিত হ'ব জাতীয় বিদ্যালয় ৰাজ্যিক সমাৰোহ ২০২৩ (Preparations for Jatiya Vidyalaya Convention in Jorhat)।
অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ উদ্যোগত যোৰহাট জিলা জাতীয় বিদ্যালয়ৰ সমন্বয়ৰক্ষী সমিতিৰ আতিথ্যত আৰু গোলাঘাট, শিৱসাগৰ, মাজুলীৰ লগতে সমূহ জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সহযোগত এই সমাৰোহখনিৰ আয়োজন কৰা হৈছে । ইতিমধ্যে এই সমাৰোহৰ প্ৰতি লক্ষ্য ৰাখি সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে (Jatiya Vidyalaya Convention-2023) ।
ৰাজ্যিক সমাৰোহখনিত ৰাজ্যৰ ২৫ খন জিলাৰ ছয় সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে সহস্ৰাধিক শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকিব । ইয়াৰ বাবে চ্যুকাফা ক্ষেত্ৰত নিৰ্মাণ কৰি থকা হৈছে বিশাল শিৱিৰ । সমাৰোহৰ বাবে ইতিমধ্যেই ২৮ খন উপ সমিতি গঠন কৰি সমাৰোহৰ প্ৰস্তুতি পূৰ্ণ গতিত চলাই থকা হৈছে । বুধবাৰে পশ্চিম যোৰহাট চাউলুঙ ছ্যুকাফা সমন্বয় ক্ষেত্ৰত অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ উদ্যোগত আয়োজন কৰা হয় এখনি সংবাদমেলৰ (Jatiya Vidyalaya in Assam) ।
সংবাদমেলখনিত অনুষ্ঠিত হ'বলগীয়া কাৰ্যসূচী সম্পৰ্কে উল্লেখ কৰে অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সচিব ড৹ নাৰায়ণ শৰ্মাই । ড০ শৰ্মাই সমাৰোহৰ তিনিদিনৰ কাৰ্যসূচী সন্দৰ্ভত উল্লেখ কৰি কয় যে, সমাৰোহৰ প্ৰথম দিনা ৫ মে' তাৰিখে পুৱা প্ৰতিনিধি শিৱিৰ উদ্বোধন কৰিব যোৰহাট জিলা উপায়ুক্ত পুলক মহন্তই ।
ইয়াৰ পিছত বিয়লি সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত হোৱাৰ পাছত সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব । আনহাতে ৬ মে' তাৰিখে পুৱা প্ৰত্যেক জাতীয় বিদ্যালয়ৰ নিজস্ব পতাকা উত্তোলন কৰা হ'ব । প্ৰায় সহস্ৰাধিক পতাকা একেলগে উত্তোলন কৰা হ'ব । ইয়াৰ পাচতে অনুষ্ঠিত হ'ব শৈক্ষিক সভা । য'ত জাতীয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব ।