অসম

assam

ETV Bharat / state

ৰাইজৰ দলক আসন দিয়া সন্দৰ্ভত কোনো চুক্তি হোৱা নাই : ভূপেন বৰা - bharat jodo nyay yatra in teok

Bharat Jodo Nyay Yatra: কলিয়াপানী ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ প্ৰস্তুতি পৰ্যালোচনা সভা সম্পন্ন । সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই উক্ত যাত্ৰাত ৰাইজক সহযোগ কৰিবলৈ আহ্বান জনায় ।

bharat jodo nyay yatra
ভাৰত জোড়ো ন্যায় যাত্ৰা

By ETV Bharat Assamese Team

Published : Jan 13, 2024, 6:44 PM IST

ভাৰত জোড়ো ন্যায় যাত্ৰা

টীয়ক, ১৩ জানুৱাৰী:কলিয়াপানী ব্লক কংগ্ৰেছ কমিটী আৰু মধ্য যোৰহাট ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা সুচাৰুৰূপে সম্পাদন কৰিবলৈ টীয়কস্থিত কলিয়াপানী ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত এখনি প্ৰস্তুতি পৰ্যালোচনা সভা শনিবাৰে অনুষ্ঠিত হয় । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদিকা পল্লবী গগৈয়ে আঁতধৰা উক্ত পৰ্যালোচনা সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই এই যাত্ৰাত কেৱল কংগ্ৰেছ কৰ্মীয়ে নহয়, দেশৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত সমূহ অৰাজনৈতিক দল-সংগঠন,সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তি বিশেষক নিমন্ত্ৰণ জনাই উক্ত যাত্ৰাৰ উদ্দেশ্যে সফল কৰাব বুলি আশা প্ৰকাশ কৰে ।

উক্ত সভাতেই ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে মৰিয়নী আৰু টীয়ক সমষ্টিত চলোৱা জনজাগৰণ যাত্ৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই এই যাত্ৰাই কংগ্ৰেছৰ একো ক্ষতি নকৰে বুলি মন্তব্য় কৰে । আগন্তুক লোকসভা নিৰ্বাচনত ৰাইজৰ দলে প্ৰাৰ্থী নিদিয়াৰ অৰ্থ এইটো নহয় যে বিধানসভা নিৰ্বাচনত ৰাইজৰ দলক কেইবাখনো আসন প্ৰদান কৰা হ'ব বা তেনে কোনো চুক্তি হোৱা নাই বুলি সদৰী কৰি বিৰোধী দলীয় ঐক্যত কোনো অসুবিধা হোৱা নাই বুলি তেওঁ কয় । ইপিনে,বদৰুদ্দিন আজমলৰ প্ৰসংগত কয় তেওঁ কয়," আজমলৰ দলৰ ব্যৱহাৰ সন্দেহজনক আৰু সেয়ে কংগ্ৰেছে আজমলৰ দলক বিৰোধী ঐক্যত নধৰে ।"

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদিকা পল্লবী গগৈয়ে আঁতধৰা উক্ত পৰ্যালোচনা সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা,কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী,বিৰোধী দলপতি দেৱব্ৰত শইকীয়া,লাহৰীঘাটৰ বিধায়ক ডাঃ আচিফ নজৰকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট কংগ্ৰেছী নেতা উপস্থিত থাকে । তেওঁলোকে অহা ১৮ জানুৱাৰীত যোৰহাট জিলাত অনুষ্ঠিত হ'বলগীয়া ভাৰত জোড়ো ন্যায় যাত্ৰাৰ কাৰ্যসূচী অব্যাহত ৰাখিব বুলি কয় । সেয়ে উক্ত কাৰ্যসূচী যাতে সফলভাৱে সমাপন হয় তাৰ বাবে কংগ্ৰেছৰ তৃণমূলৰ পৰা সকলোকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই জ্যেষ্ঠ নেতৃবৃন্দই । ইপিনে,সিদিনা নাগালেণ্ড কংগ্ৰেছৰ পৰা অসম কংগ্ৰেছে হালোৱাটিঙত অতি আড়ম্বৰপূৰ্ণভাৱে এই যাত্ৰাক আদৰণি জনাবলৈ ব্যৱস্থা কৰা হৈছে বুলি সদৰী কৰিছে কংগ্ৰেছ নেতৃত্বই ।

লগতে পঢ়ক:মধ্যাহ্ন ভোজনৰ চাউল শৌচাগাৰৰ টেংকিত পুতি নিলম্বিত হ'ল প্ৰধান শিক্ষক

ABOUT THE AUTHOR

...view details