যোৰহাট,৫ নৱেম্বৰ :উজনি নামনি সকলোতে এতিয়া ৰাসৰ ব্যাপক প্ৰস্তুতি চলিছে (Preparation for Rash Lila in Assam)। শ্ৰীকৃষ্ণৰ ৰাসলীলালৈ মাজত মাত্ৰ এটা দিন বাকী থকাৰ মাজতে এতিয়া চাৰিওফালে ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে । ৰাজ্যৰ সাংস্কৃতিক ৰাজধানী খ্যাত যোৰহাট জিলাও ব্যতিক্ৰম নহয় ।
জিলাখনৰ বাঘমৰাত সৰ্বোদয় সংঘৰ উদ্যোগত তিনিদিনীয়াকৈ শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলাৰ আয়োজন কৰা হৈছে (Rash Lila organised in Jorhat)। অহা ৭ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈ প্ৰদৰ্শন হ'ব শ্ৰীকৃষ্ণৰ ৰাস লীলা আৰু নৱেম্বৰ মাহৰ শেষ সপ্তাহত পুৰণি মাতি সত্ৰত শ্ৰীকৃষ্ণৰ ৰাস লীলা অনুষ্ঠিত হ'ব (Rash Lila celebration)। প্ৰতিদিনে সন্ধিয়া বিভিন্ন স্থানৰ পৰা অহা শিল্পীৰ সমাহাৰ ঘটিব এই ৰাসলীলাত । যাৰ বাবে এতিয়া ৰাসৰ শেষ আখৰাত ব্যস্ত হৈ পৰিছে শিল্পী আৰু কলা-কুশলীসকল ।
একপ্ৰকাৰ দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হৈছে ৰাস আখৰাস্থলীসমূহ । আখৰাস্থলীত ৰাসৰ সুৰীয়া প্ৰতিধ্বনি শুনিবলৈ পোৱা গৈছে । বাঁহী, খোলৰ শব্দ গুঞ্জৰিত হৈছে আখৰাস্থলী । ইফালে সত্ৰ ৰংগমঞ্চত দুপৰ নিশালকৈ ৰাসৰ শেষ আখৰাত ব্যস্ত দেখা গৈছে কলা-কুশলী আৰু শিল্পীসকলক (Artist busy in Rash Lila practice)।