অসম

assam

By

Published : Nov 3, 2020, 8:20 PM IST

ETV Bharat / state

তৰুণ গগৈৰ আশু-আৰোগ্য কামনাৰে সৰ্বধৰ্মীয় প্ৰাৰ্থনা

সম্প্ৰতি স্বাস্থ্যৰ অৱস্থা কিছু উন্নত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷ একেৰাহে তিনিবাৰলৈ মুখ্যমন্ত্ৰীৰ পদ শুৱনি কৰা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ আশু-আৰোগ্য কামনাৰে যোৰহাট জিলা কংগ্ৰেছে মঙলবাৰে এক সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাৰ কাৰ্যসূচী আয়োজন কৰে ৷

Pray for tarun gogoi in jorhat assam etv bharat news
সৰ্বধৰ্মীয় প্ৰাৰ্থনা আয়োজন

যোৰহাট,3 নৱেম্বৰ:তিনিবাৰকৈ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ কৰ’ণাত আক্ৰান্ত হৈ সুস্থ হোৱাৰ পাছত পুুনৰ সোমবাৰে গুৰুতৰভাৱে অসুস্থ হৈ পৰে ৷ সোমবাৰে ততাতৈয়াকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আইচিইউত ভৰ্তি কৰা হৈছিল ৷ সম্প্ৰতি গগৈৰ স্বাস্থ্যৰ আশু-আৰোগ্য কামনাৰে ৰাজ্যৰ ভিন্ন দল-সংগঠনে আয়োজন কৰিছে প্ৰাৰ্থনা সভাৰ ৷

সৰ্বধৰ্মীয় প্ৰাৰ্থনা আয়োজন

মঙলবাৰে যোৰহাট জিলা কংগ্ৰেছৰ কৰ্মীসকলেও প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ আশু-আৰোগ্য কামনাৰে যোৰহাটৰ মাজমজিয়াস্থিত গান্ধী পাৰ্কত আয়োজন কৰে সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাৰ ৷ উক্ত সভাত গগৈৰ আৰোগ্য কামনাৰে পাঠ কৰা হয় গীতা, কোৰাণ, বাইবেল, ত্ৰিপিটককে ধৰি ধৰ্মগ্ৰন্থসমূহ ৷

লগতে চাওকঃCOVID-19 প্ৰ'ট'কল মানি ডিব্ৰুগড়ৰ শিক্ষানুষ্ঠানত পাঠদান আৰম্ভ

ABOUT THE AUTHOR

...view details