যোৰহাট প্ৰেছ ক্লাৱত প্ৰফুল্ল ৰাজগুৰু স্মাৰক বক্তৃতানুষ্ঠান
বৃহস্পতিবাৰে যোৰহাট প্ৰেছ ক্লাৱত প্ৰফুল্ল ৰাজগুৰু স্মাৰক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়। পোন প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হোৱা এই স্মাৰক বক্তৃতানুষ্ঠানত "ভাৰতীয় গণতন্ত্ৰ প্ৰতি প্ৰত্যাহ্বান আৰু সংবাদ মাধ্যমৰ ভূমিকা "শীৰ্ষক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয় ।
যোৰহাট,5ছেপ্টেম্বৰঃ বৃহস্পতিবাৰে যোৰহাট প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সভাপতি, অধ্যাপক, সাংবাদিক আৰু আমাৰ অসম কাকতৰ প্ৰাক্তন আৱাসিক সম্পাদক প্ৰফুল্ল ৰাজগুৰুৰ স্মৃতিত এক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয় । পোন প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হোৱা এই স্মাৰক বক্তৃতানুষ্ঠানত "ভাৰতীয় গণতন্ত্ৰ প্ৰতি প্ৰত্যাহ্বান আৰু সংবাদ মাধ্যমৰ ভূমিকা "শীৰ্ষক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয় । এই অনুষ্ঠানত ৰাজ্যখনৰ বুদ্ধিজীৱী, লিখক, ক্ষুৰধাৰ সমালোচক তথা উজনি অসমৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত লক্ষ্মীনাথ তামুলীয়ে বক্তব্য প্ৰদান কৰে । ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ বিজ্ঞজন উপস্থিত থকা অনুষ্ঠানত মুখ্য বক্তা লক্ষ্মীনাথ তামুলীয়ে বিজেপি চৰকাৰৰ সময়ত গণতন্ত্ৰই নহয় সংবাদ মাধ্যমেও বিপদৰ দিশে গতি লাভ কৰিছে বুলি উল্লেখ কৰি কয়, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ তিনিটা সামৰিক বাহিনীৰ মুখ্য সেনা নায়কৰ পদ এক কৰি নিজৰ মুঠিত ৰাখিবলৈ চেষ্টা কৰিছে । যাৰ পৰিমাণ অদূৰ ভৱিষ্যতে জনসাধাৰণে ভুগিব ।