টীয়ক, ২০ নৱেম্বৰ :বিশিষ্ট চিন্তাবিদ, বুদ্ধিজীৱি সমালোচক তথা সাহিত্য জগতৰ কাণ্ডাৰী ড৹ হীৰেণ গোহাঁইলৈ টীয়কৰ অনিৰ্বান সাংস্কৃতিক গোষ্ঠীয়ে ‘‘প্ৰজ্ঞা সাধক’’ উপাধি প্ৰদান কৰিছে (Pragya Sadhak title goes to Hiren Gohain)। টীয়কৰ অগ্ৰণী সামাজিক তথা সাংস্কৃতিক সংগঠন অনিৰ্বান সাংস্কৃতিক গোষ্ঠীয়ে দেওবাৰে অনিৰ্বান সাংস্কৃতিক গোষ্ঠীৰ (Anirban Cultural Group) কাৰ্যালয়ত এক সংবাদমেল সম্বোধন ধৰি সদৰী কৰে এই কথা ৷
টীয়কৰ অগ্ৰণী সামাজিক তথা সাংস্কৃতিক সংগঠন অনিৰ্বান সাংস্কৃতিক গোষ্ঠীয়ে ৪০ টা বছৰ অতিক্ৰম কৰাৰ উপলক্ষে পদ্মৰাগ জয়ন্তী বৰ্ষত ৪০ টা বিভিন্ন কাৰ্যসূচী ৰূপায়নৰ পৰিকল্পনা হাতত লৈছে ৷ সেই উপলক্ষে আগন্তুক ২৭ নৱেম্বৰ দেওবাৰে গুৱাহাটীৰ অসম ৰাজ্যিক সংগ্ৰহালয়ৰ সভাকক্ষত আয়োজন কৰা হ’ব এক সভাৰ ৷
এই সভাতে অসমৰ বিশিষ্ট চিন্তাবিদ, বুদ্ধিজীৱি ড৹ হীৰেণ গোহাঁইক (Legendary intellectual and author Dr Hiren Gohain)সমূহ টীয়কবাসীৰ হৈ সম্বৰ্ধনা জনোৱা হ’ব ৷ দিনৰ প্ৰায় ১১:১৫ বজাৰ পৰা নিদিষ্ট স্থানত অনুষ্ঠিত হ’ব উক্ত সম্বৰ্ধনা সভাখন ৷