অসম

assam

ETV Bharat / state

টীয়কত দাৰে ঘপিয়াই এজনক নৃশংস হত্যা - টীয়ক পৰাগ চাংমাই গগৈ হত্যাকাণ্ড

পৰিয়ালটোৱে লাহদৈগড় আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে 2 হাজাৰ টকা নিদিলে অভিযুক্তক কৰায়ত্ব নকৰে বুলি ভূক্তভোগী পৰিয়ালটোক থানাৰ পৰা পঠিয়াই দিয়ে ।

টীয়কএজনক নৃশংস হত্যা
টীয়কএজনক নৃশংস হত্যা

By

Published : Feb 23, 2020, 11:25 AM IST

টীয়ক, 23 ফেব্ৰুৱাৰীঃ টীয়কৰ চটাই ঘৰফলীয়াত নিশা সংঘটিত হয় চাঞ্চল্যকৰ হত্যাকাণ্ড। পৰাগ চাংমাই গগৈ নামৰ এজন যুবকক মৰিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰভাত গগৈ আৰু গৌতম গগৈ নামৰ দুজন যুৱকৰ বিৰুদ্ধে ৷ ঘটনা সন্দৰ্ভত মৃত ব্যক্তিজনৰ পত্নীৰ ভাষ্য অনুসৰি, দুদিন পূৰ্বে কোনো কাৰণত বিবাদৰ সূত্ৰপাত হৈ প্ৰভাত আৰু গৌতমে পৰাগৰ পিতৃক মাৰ-পিত কৰে ৷ ফলত পৰিয়ালটোৱে লাহদৈগড় আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে 2 হাজাৰ টকা নিদিলে অভিযুক্তক কৰায়ত্ব নকৰে বুলি ভূক্তভোগী পৰিয়ালটোক থানাৰ পৰা পঠিয়াই দিয়ে ।

টীয়ক পৰাগ চাংমাই গগৈ হত্যাকাণ্ড

লগতে পঢ়কঃ ক’ৰোণা ভাইৰাছৰ সংহাৰঃ চীনত মৃত্যুৰ সংখ্যা 2,386 লৈ বৃদ্ধি

আৰক্ষীৰ এই কাণ্ডৰ পাছতে নিশা পৰাগৰ ঘৰৰ সন্মুখতে কুঠাৰ আৰু দাৰে উপৰ্যুপৰি পৰাগক প্ৰহাৰ কৰি যুৱকদ্বয় পলায়ন কৰে । সম্প্ৰতি প্ৰভাতক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও আনজন পলাতক অৱস্থাত আছে । আৰক্ষীয়ে ইতিমধ্যে পৰাগ চাংমাই গগৈৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষা বাবে নিশাই যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । উক্ত ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

...view details