যোৰহাট, ১০ ছেপ্টেম্বৰ: আঠ ছেপ্টেম্বৰ, অসমবাসীৰ বাবে এটা অভিশপ্ত দিন । নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাই কঁপাই গৈছিল সমগ্ৰ ৰাজ্য । বিশেষকৈ মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা পৰিমিতা দাসৰ মৃত্যুৱে সকলোৰে চকু সেমেকাই তুলিছে । দুৰ্ঘটনা সংঘটিত হোৱাৰ দিনা কৰ্মক্ষেত্ৰলৈ যোৱাৰ পূৰ্বে আঠখেলীয়া নামঘৰলৈ গৈছিল পৰিমিতা । মংগল কামনাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছিল ।
কিন্তু নিয়তিৰ কি পৰিহাস ! কিছু সময়ৰ পিছতে সকলো শেষ হৈ গ'ল । মাজুলীলৈ বুলি নিমাতীঘাটৰ পৰা ফেৰীত উঠাৰ পাছতে কালিকা লগা ফেৰীখন দুৰ্ঘটনাত পতিত হয় । পানীত ককবকাই যাত্ৰীসকলে । ইয়াৰ পিছত উদ্ধাৰকাৰী দলে পালে মাথোঁ পৰিমিতাৰ নিথৰ দেহ ।