অসম

assam

ETV Bharat / state

বিধ্বস্ত উজনি অসমৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ - গো বাট নে ৰাষ্ট্ৰীয় ঘাইপথ

বিধ্বস্ত উজনিৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ (Allegation of corruption in road construction) ৷ বহিঃৰাজ্যৰ চালকে বৰ্ণনা দিলে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা ছবি ৷ 4 ঘণ্টাৰ পথ অতিক্ৰম কৰিবলৈ চালকক লাগে 9 ঘণ্টা ৷

Poor road construction in Jorhat
বিধ্বস্ত উজনি অসমৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ

By

Published : Jun 30, 2022, 6:35 PM IST

টীয়ক, 30 জুন : বিধ্বস্ত উজনি অসমৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ (Poor road construction in Jorhat)৷ এই বিধ্বস্ত পথচোৱাই বাৰুকৈয়ে জলাকলা খুৱাইছে সাধাৰণ জনতাক ৷ গো-বাট নে ৰাষ্ট্ৰীয় ঘাইপথ ধৰিবই নোৱাৰি ৷ কিয়নো ৰাষ্ট্ৰীয় ঘাইপথচোৱাৰ মাজত সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁতৰ ৷ যি বাটৰ ফলত যমৰ যান্ত্ৰণা ভোগ কৰি আহিছে সাধাৰণ লোকে ৷

বিধ্বস্ত উজনি অসমৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ

2014 বৰ্ষতে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে উত্তৰ-পূৱ ভাৰতৰ ৰাজহাড় স্বৰূপ 37 নং ৰাষ্ট্ৰীয় ঘাইপথক চাৰিলেনযুক্ত পথলৈ উন্নিত কৰাৰ পৰিকল্পনা কৰিছিল ৷ কিন্তু সেই ৰাজপথ এতিয়া যোৰহাট, টীয়ক, শিৱসাগৰ, ডিমৌ, মৰাণ, তিলৈ আদিত মৃত্যু উপত্যকালৈ পৰিণত হৈছে । ভয়, শংকাৰ মাজেৰে ৰাষ্ট্ৰীয় ঘাইপথচোৱা পাৰাপাৰ হয় পথচাৰীয়ে ৷

উল্লেখ্য যে, লোক নিৰ্মাণ বিভাগে যোৰহাট জিলাৰ বাইপাছৰ পৰা জাঁজী পৰ্যন্ত যি 25 শতাংশ কাম সম্পূৰ্ণ কৰিলে সিও আসোৱাহ পূৰ্ণ হোৱাৰ অভিযোগ উত্থাপন কৰিছে পথাচাৰী তথা সচেতন ৰাইজে (Allegation of corruption in road construction) ৷ এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক সঠিক ৰূপত ৰাষ্ট্ৰীয় ঘাইপথচোৱা মেৰামতি কৰিবলৈ দাবী জনাইছে পথাচাৰী তথা ভুক্তভোগী ৰাইজে ৷

লগতে পঢ়ক :Corruption in road construction : মৰাণত পথ নিৰ্মাণত সংঘটিত ব্যাপক দুৰ্নীতি

ABOUT THE AUTHOR

...view details