অসম

assam

ETV Bharat / state

কংগ্ৰেছৰ বিকাশ আৰু বিজেপিৰ পৰিবৰ্তনে ঢুকি নোপোৱা এটা পথ

কংগ্ৰেছৰ বিকাশ আৰু বিজেপিৰ পৰিবৰ্তনে ঢুকি নোপোৱা টীয়কৰ এটা পথৰ বাবে ৰাইজে দীৰ্ঘদীনে যান্ত্ৰণা ভোগ কৰি আহিছে ৷ সমষ্টিটোৰ অন্তৰ্গত এনে জৰাজীৰ্ণ পথ সমূহে উন্নয়নৰ ফোপোলা স্বৰূপ উদঙাই দিয়াৰ পাছতো শাসকীয় দলৰ নেতা, পালিনেতা সকলে সততে সমষ্টিটোৰ উন্নয়ন সাধন হোৱা বুলি ঢাক-ঢোল বজোৱা কাৰ্য যে কেৱল এক মিথ্যাচাৰ সেয়া এই পথছোৱাই প্ৰমাণিত কৰিছে ৷

By

Published : Aug 7, 2020, 4:37 PM IST

Jorhat
যোৰহাটৰ পথৰ দুৰৱস্থা

যোৰহাট, 7 আগষ্ট :টীয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত বলমাৰ এটা ভিতৰুৱা পথ ৷ কংগ্ৰেছৰ দিনৰ বিকাশ আৰু বিজেপিৰ দিনৰ পৰিবৰ্তন একোৱেই যেন সলনি কৰিব পৰা নাই অঞ্চলটোৰ ৰূপ ৷ ফলস্বৰূপে বিগত কেইবাবছৰে দুৰ্ভোগ ভোগ কৰি আহিছে ৰাইজে । টীয়ক নগৰৰ পৰা মাত্ৰ প্ৰায় ৬ কিল'মিটাৰ নিলগৰ বলমা পঞ্চায়তৰ এইটো পথ ৷

লগতে পঢ়কঃগোলাঘাটত দলঙৰ অভাৱত প্ৰাণ গ'ল এজনৰ

বলমাজান গোঁহাই গাঁৱৰ পৰা বুধুৱাৰী হৈ বহুকেইখন গাঁৱৰ লগত সংযুক্ত এই পথছোৱা ৷ দিনে বহু লোকে পথছোৱাৰে যাতায়ত কৰে ৷ ৰোগীৰ পৰা স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ ভৰষা এই বোকাময় পথছোৱা ৷ একমাত্ৰ জনপ্ৰতিনিধিৰ উদাসীনতাৰ বাবে চৰম দুৰ্ভোগ ভুগিছে ৰাইজে । চাৰিচকীয়া যানবাহনটো দূৰৈৰে কথা এজাক সামান্য বৰষুণ দিলে মটৰ চাইকেল, চাইকেল আদি চলাচল কৰাত বাধাৰ সৃষ্টি হয় ।

কংগ্ৰেছৰ বিকাশ আৰু বিজেপিৰ পৰিবৰ্তনে ঢুকি নোপোৱা এটা পথ

উল্লেখ্য যে, বৰ্তমানৰ বিধায়িকা ৰেণুপমা ৰাজখোৱা, প্ৰাক্তন বিধায়ক মেম্বৰ গগৈ, বৰ্তমানৰ সাংসদ তপন কুমাৰ গগৈ, প্ৰাক্তন সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিজয় কৃষ্ণ সন্দিকৈক পথটোৰ মেৰামতিৰ বাবে ৰাইজে বহুবাৰ আবেদন নিবেদন কৰিও কোনো সুফল নাপালে অঞ্চলবাসীয়ে । সমষ্টিটোৰ অন্তৰ্গত এনে জৰাজীৰ্ণ পথ সমূহে উন্নয়নৰ ফোপোলা স্বৰূপ উদঙাই দিয়াৰ পাছতো শাসকীয় দলৰ নেতা, পালিনেতাসকলে সততে সমষ্টিটোৰ উন্নয়ন সাধন হোৱা বুলি ঢাক-ঢোল বজোৱা কাৰ্য যে কেৱল এক মিথ্যাচাৰ সেয়া এই পথছোৱাই প্ৰমাণিত কৰিছে ৷

ABOUT THE AUTHOR

...view details