তিতাবৰত পথ নিৰ্মাণত দুৰ্নীতি
বৰহোলা তেজ কৰণ পিন্সা নামৰ ঠিকাদাৰ গৰাকীয়ে মুঠ চাৰি কোটি টকাত পথ নিৰ্মাণৰ ঠিকা আৱন্টন পাইছিল ৷ কিন্তু বিভাগীয় নীতিনিয়ম ধোবাচাঙত থৈ নিজৰ খেয়াল খুছিৰে কাম কৰাত পথ চোৱা অতি নিম্ন মানৰ হয়
যোৰহাট, 29 চেপ্তেম্বৰঃ তিতাবৰত গড়কাপ্তানী বিভাগত পথ নিৰ্মাণৰ নামত ভয়ংকৰ দুৰ্নীতি । ৰাজ্যৰ গড়কাপ্তানী বিভাগে SOPD আঁচনিৰ অধীনত নিৰ্মাণ কৰি থকা বৰহোলাৰ ইকৰাণি পঞ্চায়তৰ অধিকৰণৰ নাওপেটা পৰা বৰহোলা থানা তিনিআলি সংযোগী পথত ব্যাপক দুৰ্নীতি সংগঠিত হৈছে । বৰহোলা তেজ কৰণ পিন্সা নামৰ ঠিকাদাৰ গৰাকীয়ে মুঠ চাৰি কোটি টকাত পথ নিৰ্মাণৰ ঠিকা আৱন্টন পাইছিল ৷ কিন্তু বিভাগীয় নীতিনিয়ম ধোৱাচাঙত থৈ নিজৰ খেয়াল খুছিৰে কাম কৰাত পথচোৱা নিৰ্মাণ অতি নিম্ন মানৰ হয় ৷ লগতে কাৰ্পেটিং কৰা 15 দিনৰ পাছতে পথছোৱাত দেখিবলৈ পোৱা গৈছে ছিৰাল ফাট । আনহাতে, পথ নিৰ্মাণ সন্দৰ্ভত স্থানীয় ৰাইজে ঠিকাদাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাত ওলোটা তেখেতে কাম নকৰিলে কি কৰিব বুলি ৰাইজক হুমকি দিয়ে ।