অসম

assam

Dilapidated Teok NH: বিজেপিৰ সভাপতিৰ আগমনৰ বাবে মেৰামতি ঘাইপথৰ

By

Published : Jun 18, 2023, 2:29 PM IST

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি, মুখ্যমন্ত্ৰীৰ আগমনকলৈহে তৎপৰ যোৰহাট জিলা প্ৰশাসন, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ । নিশাৰ ভিতৰতে গাঁত পুতি সাজিলে বেৰিকেট ।

Artificial flood in Teok
বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ

টীয়ক, ১৮ জুন :বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথত যমৰ যান্ত্ৰনা ভুগিছে পথচাৰীয়ে । ২০১৪ চনৰ পৰা ২০২৩ চনলৈকে ৪০ শতাংশ কামেই সম্পূৰ্ণ নোহোৱাত ৰাইজে সমস্য়াৰ সন্মুখীন হৈছে । কিন্তু শনিবাৰে উক্ত পথছোৱা অহা যোৱাৰ বাবে সুচল কৰি তোলা পৰিলক্ষিত হৈছে । কাৰণ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাকে প্ৰমুখ্য কৰি মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ এই পথেৰে আগমন ঘটিব । তাৰ বাবেই তৎপৰ জিলা প্ৰশাসন,ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ ।

বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ

গৌৰীসাগৰৰ বিজেপিৰ জনসভাত প্ৰতিকুল বতৰৰ বাবে আকাশী পথৰ পৰিবৰ্তে স্থলপথৰে মুখ্যমন্ত্ৰী অহাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি নিশা পথৰ কাষত দুৰ্ঘটনাৰ সম্ভাৱনাময় স্থানত বেৰিকেট নিৰ্মাণ কৰিছে প্ৰশাসনে । উল্লেখযোগ্য যে যোৱা সময়ছোৱাত উক্ত পথছোৱাত নিতৌ সৰু বৰ বহু দুৰ্ঘটনা সংঘটিত হৈ বহু লোকে প্ৰাণ হেৰুৱাইছে, কিছুমানে চিৰদিনৰ বাবে ঘূণীয়া হৈছে । আনকি বহু পৰিয়াললৈ অমানিশা নামি আহিছে ।

ইপিনে, যোৱা দুদিনত উক্ত পথছোৱাত প্ৰায় সৰু বৰ 27 টাকৈ দুৰ্ঘটনা সংঘটিত হৈছে । দুজনকৈ প্ৰতিভাবান যুৱকে প্ৰাণ হেৰুৱাব লগীয়া হৈছে যদিও দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰিয়েই দ্বায়িত্ব সামৰে বিভাগীয় কৰ্তৃপক্ষই । কিন্তু আজি যিহেতু ভিআইপি ভিভি আই পি এই পথৰে যাব সেয়ে দিনে নিশাই একাকাৰ কৰি এইদৰে কৰ্দৰ্যময় পথ সুচল কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । সেয়া কেৱল ভিআই পি তথা ভিভিআইপিৰ আগমণৰ বাবেএই পথ প্ৰতিকূল বতৰকো নেওচি মেৰামতি কৰা হৈছে । একেদৰে সাধাৰণ জনতাৰ বাবেও পদক্ষেপ গ্ৰহণ কৰি ৰাইজৰ জীৱন ৰক্ষা কৰিবলৈ বিভিন্ন দল-সংগঠনে চৰকাৰক আহ্বান জনাইছে ।

বৰষুণে উদঙাইছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ কামৰ স্বৰূপ । টীয়ক নগৰৰ মাজমজিয়াত সাগৰ সদৃশ পৰিৱেশে ৰাইজক জীয়াতু ভোগাইছে । NHAIDCLৰ বিষয়া,কাৰিকৰী বিষয়া একাংশৰ চৰম দায়িত্বজ্ঞানহীনতাৰ ফল ভোগ কৰিব লগা হৈছে টীয়ক নগৰ এলেকাৰ বাসিন্দাসকলে । চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণৰ বাবে নিৰ্মাণ কৰা পথৰ কাষৰ নলা, চাৰ্ভিছ পথসমূহ মূল পথতকৈ অতি চাপৰকৈ নিৰ্মাণ কৰাৰ ফলত এজাক বৰষুণতে চাৰ্ভিছ পথৰ ওপৰত পানী জমা হোৱাত অচলাৱস্থাৰ সৃষ্টি হৈছে টীয়ক নগৰত ।

লগতে পঢ়ক:9th anniversary of Modi govt : আজি শিৱসাগৰৰ বিশাল জনসভাত অংশ ল’ব বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডাই

ABOUT THE AUTHOR

...view details