যোৰহাট, 15 ছেপ্তেম্বৰঃযোৰহাটৰ তিতাবৰত এগৰাকী মাতৃৰ কৰুণ বিননি ৷ অৰ্থৰ অভাৱৰ বাবে পুত্ৰক শিকলি লগাই বান্ধি ৰাখিব লগা পৰিস্থিতি সৃষ্টি হৈছে পৰিয়ালটোৰ ৷
তিতাবৰত পুত্ৰৰ চিকিৎসাৰ বাবে এগৰাকী মাতৃৰ কৰুণ বিননি - তিতাবৰ
যোৰহাটৰ তিতাবৰত এগৰাকী মাতৃৰ কৰুণ বিননি ৷ অতি দৰিদ্ৰ পৰিয়াল হোৱা বাবে পুত্ৰক চিকিৎসা কৰিবলৈ সক্ষম নহয় পৰিয়ালটো ৷ দীৰ্ঘ দিন ধৰি মানসিক ৰোগত আক্ৰান্ত যুৱকজন ৷
একবিংশ শতিকাত আজিও চিকিৎসাৰ অভাৱত ভৰিত শিকলি বান্ধি থৱ লগা হৈছে এজন যুৱকক । যুবক জনৰ নাম নিৰঞ্জন দাস । দীৰ্ঘ দিন ধৰি মানসিক ৰোগত আক্ৰান্ত যুৱকজন ৷ শিকলি খুলিলে যুৱক জনে ৰাজ পথত সন্ত্ৰাসৰ সৃষ্টি কৰে, কেতিয়াবা হাতত চোকা অস্ত্ৰ লৈ সন্ত্ৰাস সৃষ্টি কৰে, কেতিয়াবা উলংগ হয় ।অতি দৰিদ্ৰ পৰিয়াল হোৱা বাবে পুত্ৰক চিকিৎসা কৰিবলৈ সক্ষম নহয় পৰিয়ালটো ৷ সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰ তথা অসম বাসী ৰাইজৰ পৰা সহায়ৰ হাত বিচাৰিছে দুৰ্ভগীয়া মাতৃ গৰাকীয়ে । কোনো সদাশয় ৰাইজে সহায় কৰিব বিচাৰে তেন্তে মোবাইল নম্বৰ- 7086726947 আৰু একাউণ্ট নম্বৰ 0029010221832IFC code UTBI0TT B331 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে মাতৃগৰাকীয়ে ৷