অসম

assam

ETV Bharat / state

টীয়কত নিজা প্ৰচেষ্টাৰে পথ মেৰামতি স্থানীয় যুৱকৰ - টীয়কত পথৰ জৰাজীৰ্ণ অৱস্থা

মেৰামতিৰ অভাৱত টীয়কত জৰাজীৰ্ণ ৰূপ লৈছে ব্যস্ততাপূৰ্ণ পথে ৷ জিলা প্ৰশাসন,জনপ্ৰতিনিধি তথা অসম চৰকাৰৰ গড়কাপ্তানি বিভাগৰ বিৰুদ্ধে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৷

youth has taken initiative to repair road in teok
টীয়কত নিজ প্ৰচেষ্টাৰে পথ মেৰামতি স্থানীয় যুৱকৰ

By

Published : Jul 20, 2020, 10:55 AM IST

টীয়ক , 20 জুলাইঃ মহামাৰী আৰু বাঢ়নী পানীৰ আতংকত ৰাজ্যত স্থবিৰ হৈ পৰিছে উন্নয়ন ৷ প্ৰায় বন্ধ হৈ পৰিছে ৰাজ্যখনৰ আন্তঃগাথনি নিৰ্মানৰ কাম ৷ আনহাতে বানৰ কৱলত পৰি ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে জৰাজীৰ্ণ ৰূপ লৈছে বাট-পথে ৷ অনুৰূপ অৱস্থা যোৰহাট জিলাৰ টীয়ক কলিয়াপানীৰ কলিয়াপানী চেলেংহাট সংযোগী গড়কাপ্তানি পথৰ ৷

টীয়কৰ ব্যস্ততাপূৰ্ণ পথত মেচিন লগাই পানী সিঁচিলে স্থানীয় যুৱকে

মেৰামতিৰ অভাৱত টীয়কৰ এই পথটোৰ ওপৰত সৃষ্টি হৈছিল পুখুৰী সদৃশ গাঁতৰ ৷ স্থানীয় ৰাইজে জিলা প্ৰশাসন, জনপ্ৰতিনিধি তথা অসম চৰকাৰৰ গড়কাপ্তানি বিভাগক আবেদন কৰিও কোনো সুফল নোপোৱাৰ পাছত অঞ্চলটোৰ স্থানীয় যুৱক সকলে পথটো নিৰ্মাণৰ বাবে গ্ৰহণ কৰিলে নিজাববীয়া পদক্ষেপ ৷ মেছিনেৰে পথটোৰ পানী সিঁচি নিজা ধন ব্যয় কৰি মেৰামতি কৰিলে জৰাজীৰ্ণ পথটো ৷ উল্লেখযোগ্য যে , কেইবাটাও চৰকাৰী কাৰ্যালয়,সপ্তাহিক বজাৰ তথা অসমৰ অন্যতম ঐতিহ্য শ্ৰী শ্ৰী আউনিআটী সত্ৰলৈ দৈনিক এই পথটোৰে যাত্ৰা কৰে সহস্ৰাধিক যাত্ৰীয়ে ৷

লগতে পঢ়কঃ কৰ'ণাত আক্ৰান্ত সোণাৰী সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈ

ABOUT THE AUTHOR

...view details