অসম

assam

ETV Bharat / state

কেতিয়া সম্পূৰ্ণ হৈ উঠিব টীয়কৰ ফ’ৰলেনযুক্ত পথ ? - টীয়ক পথ

টীয়কত 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্য অসম্পূৰ্ণ ৷ ফ’ৰলেনযুক্ত পথচোৱা চলিত বৰ্ষত সম্পূৰ্ণ হোৱাৰ কথা আছিল যদিও এতিয়ালৈকে 50 শতাংশ কামো সম্পূৰ্ণ হৈ উঠা নাই ৷ আধৰুৱা পথ নিৰ্মাণে জুৰুলা কৰিছে টীয়কবাসীক ৷

poor-condition-of-fourlane-road
টীয়কৰ ফ’ৰলেনযুক্ত পথৰ বিধ্বস্ত ৰূপ

By

Published : May 7, 2021, 2:02 PM IST

টীয়ক,7 মে’ : যোৰহাট জিলাৰ টীয়কত 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপ ৷ 21’ চনৰ ভিতৰতে এই ফ’ৰলেনযুক্ত পথৰ কাম সম্পূৰ্ণ হ’ব বুলি সোণোৱাল চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যদিও বৰ্তমান 50 শতাংশ কামো সম্পূৰ্ণ হৈ পৰিলক্ষিত নহ’ল ৷ ইফালে কাপোৰ সলোৱাদি সলনি হৈছে ফ’ৰলেনযুক্ত পথ নিৰ্মাণকাৰী সংস্থা ৷ যাৰ ফলস্বৰূপে স্থৱিৰ হৈ পৰিছে নিৰ্মাণ কাৰ্য । শেহতীয়াকৈ ‘লিংকন এণ্ড ডিগনিটি’ নামৰ নিৰ্মাণকাৰী সংস্থাটোৱে নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছিল যদিও সংস্থাটোৱে আধাতেই কাম এৰি আঁতৰি যোৱাত স্তব্ধ হৈ পৰিছে নিৰ্মাণ কাৰ্য । ক’ৰবাত যদি ৰাজপথৰ মাজত আধা নিৰ্মাণতে ৰৈছে পুল, দলং আন ক’ৰবাত ক'ৰবাত আকৌ উন্মুক্ত হৈ আছে নলা ৷

লিংকনৰ পূৰ্বে আইচ’লেক্স, জিডিচিএল নামৰ নিৰ্মাণ সংস্থা দুটাও উক্ত পথচোৱাৰ নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত আছিল । দুবছৰ পূৰ্বেই প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে টীয়কৰ ঘাইপথচোৱাৰ নিৰ্মাণকাৰ্য খৰতকীয়া কৰিবলৈ নিৰ্দেশ দিছিল ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ তদাৰকী সংস্থা এনএইচআইডিচিএলক । কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশেও যেন গা লৰাব নোৱাৰিলে সংশ্লিষ্ট সংস্থাটোক ।

টীয়কৰ ফ’ৰলেনযুক্ত পথৰ বিধ্বস্ত ৰূপ

গুৰুত্বপূৰ্ণ কথাটো হ’ল যে, ইতিমধ্যে এই সংস্থাটোৱে দলং নিৰ্মাণৰ বাবে কাকজান, টীয়ক, মুদৈজান আদি নৈৰ ওপৰত যি নিৰ্মাণ কাৰ্য চলাইছিল, তাৰ ফলস্বৰূপে এই নৈসমূহৰ পানীৰ গতিপথ সলনি কৰা হৈছিল ৷ কিন্তু আজি অৰ্ধনিৰ্মিত হৈ থকা এই নিৰ্মাণ কাৰ্যই অনাগত বাৰিষাৰ বতৰত যে স্থানীয় ৰাইজৰ বাবে বিভীষিকা কঢ়িয়াই আনিব সেয়া নিশ্চিত ৷ ইয়াকে লৈ এতিয়া আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ ।

ক’ভিডৰ ভয়াৱহতাৰ সমান্তৰালকৈ টীয়কৰ নগৰৰ বাণিজ্যিক ক্ষেত্ৰখনলৈও এই আধৰুৱা পথ নিৰ্মাণে প্ৰতিগৰাকী ব্যৱসায়ীক বাৰুকৈ জুৰুলা কৰিছে । সেয়ে এতিয়া নতুন চৰকাৰখনক নিখুঁতভাৱে সকলো কাম-কাজ আগবঢ়াই নিবলৈ আহ্বান জনাইছে ভুক্তভোগী ৰাইজে ।

লগতে পঢ়ক :তিনিচুকীয়াৰ আটকাধীন আবকাৰী অধীক্ষকৰ ভাড়াঘৰত তালাচী অভিযান

ABOUT THE AUTHOR

...view details