টীয়ক, 30 মে’: ক’ভিড মহামাৰীৰ ত্ৰাসে এতিয়া সমাজৰ ভিন্ন ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে ৷ এই অতিমাৰীৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে চৰকাৰে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আংশিক লক ডাউনকে ধৰি জাৰি কৰিছে কেতবোৰ নীতি-নিৰ্দেশনা । স্বাভাৱিকতে এই নিৰ্দেশনাই ক’ভিড সংক্ৰমণত কিছু প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে যদিও আৰ্থ-সামাজিক দিশত এই নিৰ্দেশনাই বিৰূপ প্ৰভাৱ পেলোৱা দেখা গৈছে ৷
বিশেষকৈ দিন হাজিৰা কৰা লোকসকলৰ লগতে কুটীৰ শিল্পৰে জড়িত লোকসকলৰ জীৱনলৈ অমানিশা নামি আনিছে এই লক ডাউনে । টীয়কৰ বলমা দিহিঙীয়া গাঁৱৰ মুকুল চুতীয়া নামৰ শিল্পীগৰাকীৰ জীৱনলৈও এই সময়চোৱাই নমাই আনিছে বিপৰ্যয় ।