অসম

assam

ETV Bharat / state

Water Pollution in Assam:আঠুভগা জানৰ ভয়াৱহ প্ৰদূষণক লৈ ৰাইজ শংকা - Pollution in Jorhat

যোৰহাট নগৰত আঠুভগা জানখন তৰাজান জান নামেৰে পৰিচিত হ'লেও এতিয়া সকলোৰে বাবে হৈছে শংকাৰ কাৰণ (Pollution in Jorhat Town)। ভয়াৱহ প্ৰদূষণৰ কৱলত পৰিছে যোৰহাটৰ এই আঠুভগা জান ।

Pollution in Aathubhaga Jan
আঠুভগা জানৰ ভয়াৱহ প্ৰদূষণ

By

Published : Jun 8, 2023, 7:27 PM IST

আঠুভগা জানৰ ভয়াৱহ প্ৰদূষণ

যোৰহাট, ৮ জুন:ভয়াৱহ প্ৰদূষণৰ কৱলত যোৰহাট (Pollution in Jorhat )। জিলাখনৰ আঠুভগা জানৰ ভয়াৱহ প্ৰদূষণক লৈ শংকিত হৈছে ৰাইজ । কৃষিজীৱী ৰাইজ মাজতো লাগিছে হাহাকাৰ । দুৰাৰোগ্য ৰোগত আক্ৰান্ত জীৱ-জন্ত আদি । উত্তৰ পশ্চিম যোৰহাটৰ সৰুচৰাই অঞ্চলত আঠুভগা জান বৰ্তমান ভয়াৱহ প্ৰদূষণৰ কৱলত পৰাৰ পিচতো সংশ্লিষ্ট বিভাগে ইয়াৰ প্ৰতিৰোধৰ বাবে কোনো ধৰণৰ ব্য়ৱস্থা গ্ৰহণ নকৰাত ৰাইজ শংকিত হৈছে (Pollution in Aathubhaga Jan)।

উল্লেখ্য় যে যোৰহাট নগৰত আঠুভগা জানখন তৰাজান জান নামেৰে পৰিচিত । ভয়াৱহ প্ৰদূষণৰ কৱলত পৰা বাবেই এই আঠুভগা জানৰ পানী অতিমাত্ৰা ক'লা হৈ পৰিছে । ফলত সৰুচৰাইৰ বৃহৎ অঞ্চলটোত বসবাস কৰাৰ ৰাইজে নৰক যান্ত্ৰণাত ভুগিব লগা হৈছে । কাৰণ উক্ত জানখন প্ৰদূষিত হোৱাৰ লগতে ইয়াৰ পৰা ওলোৱা দুৰ্গন্ধ বতাহত বিয়পি পৰাত সকলোৱে নাকত সোপা দিবলগীয়া হয় (River pollution in Assam) ।

ভয়াৱহ প্ৰদূষণৰ কৱলত পৰা বাবে জীৱ-জন্ত আদিয়ে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হ'ব লগা হৈছে । আনহাতে, উক্ত জানৰ প্ৰদূষিত পানী সেৱন কৰি বহু পশুধন মৃত্যু মুখত পৰা বুলি স্থানীয় ৰাইজে উল্লেখ কৰিছে । তাপৰ্যপূৰ্ণ যে অভিজাত বুলি পৰিচয় দিয়া যোৰহাট নগৰবাসীয়ে উক্ত জানলৈ শৌচাগাৰৰ পাইপ সংলগ্ন কৰাৰ লগতে পেলনীয়া জাৱৰ-জোঁথৰ দলিয়ায় ।

তদুপৰি গাহৰিৰ ফাৰ্ম,গৰুৰ ফাৰ্মৰ পৰাৰ ওলোৱা আৱৰ্জনা সমূহো পেলাই দিয়াৰ ফলত আঠুভঙা জান ভয়াৱহ প্ৰদূষণৰ কৱলত পৰিছে বুলি স্থানীয় লোকসকলে মত প্ৰকাশ কৰিছে । আনহাতে, উক্ত জানখনক সাৰথি কৰি ৰাইজে কৃষি কৰ্মৰ ওপৰত নিৰ্ভৰশীল হৈ আছিল । কিন্তু আজিৰ সময়ত উক্ত জানৰ পানী কৃষি কৰ্মত ব্যৱহাৰৰ বাবে অনুপোযোগী হৈছে । ফলত কৃষিজীৱী ৰাইজৰ মূৰত এতিয়া সৰগ ভাগি পৰিছে । আনহাতে,উক্ত জানখনৰ মাছ খোৱাটো বৰ্তমান সময়ত অনুপোযোগী হৈ পৰিছে । তাপৰ্যপূৰ্ণ যে বিগত বছৰত উক্ত জানখনত গা ধোৱা ,মাছ ধৰা,কৃষি কাৰ্যৰ বাবে ব্যৱহাৰ কৰি আহিছিল । কিন্তু আঠুভগা জান আজি প্ৰদূষিত হৈ পৰাত সংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ । ৰাইজে এই জানখনক প্ৰদূষণৰ পৰা ৰক্ষা কৰিবলৈ জিলা উপায়ুক্তক আহ্বান জনাইছে ।

লগতে পঢ়ক:Poor condition of a Govt school : বিদ্যালয়ত বহিবলৈ নাই পৰ্যাপ্ত ডেস্ক-বেঞ্চ, ঘৰলৈ যোৱাৰ অনুমতি দিলে প্ৰধান শিক্ষকে

ABOUT THE AUTHOR

...view details