অসম

assam

টীয়কত গাঞ্জাসহ আটক এজন

By

Published : Jun 10, 2021, 11:00 AM IST

যোৰহাট জিলাৰ টীয়কৰ লাহদৈগড় আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ গাঞ্জা ৷ ঘৰতে খেতি কৰা এই গাঞ্জাখিনি নিজৰ গেলামাল দোকানত বিক্ৰী কৰি আছিল নগেন মুড়া নামৰ এগৰাকী ব্যক্তিয়ে ৷ লোকজনক ইতিমধ্যে আটক জেল হাজোতলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে ৷

police seized ganja in teok of jorhat assam
টীয়কত গাঞ্জা সহ আটক এজন

টীয়ক,10 জুন : যোৰহাট জিলাৰ টীয়কৰ কপাধৰাত আৰক্ষীয়ে জব্দ কৰিছে 6.300 কিল’গ্ৰাম গাঞ্জা । লাহদৈগড় আৰক্ষীৰ এটা দলে নগেন মুড়া নামৰ ব্যক্তিজনৰ ঘৰৰ পৰা জব্দ কৰিলে এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি ।

উল্লেখ্য যে, লাহদৈগড় আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জয় ৰয়ৰ নেতৃত্বত যোৱা এটি আৰক্ষী দলে বুধবাৰে নিশা অভিযান চলাই জব্দ কৰে গাঞ্জাখিনি । ইফালে স্থানীয়ভাৱে ঘৰতে খেতি কৰা এই গাঞ্জাখিনি নিজৰে গেলামাল দোকানত বিক্ৰী কৰি আহিছিল ধৃত মুড়াই । লাহদৈগড় আৰক্ষীয়ে নগেন মুড়াক আটক কৰি সম্প্ৰতি জেল হাজোতলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে ।

লগতে পঢ়ক :দিহিং পাটকাই আৰু ৰাইমনা লৈ ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি

ABOUT THE AUTHOR

...view details