চিকিৎসক দেবেন দত্ত হত্যাকাণ্ডৰ 602 পৃষ্ঠাৰ ছাৰ্জ চীট দাখিল আৰক্ষীৰ - আৰক্ষী মহা প্ৰৱন্ধক জি ভি শ্ৰীভ প্ৰসাদ
ক্ষীপ্ৰতাৰে চলিছে ডাঃ দেবেন দত্ত হত্যাকাণ্ডৰ তদন্ত ৷ সৰ্বমুঠ 602 পৃষ্ঠাৰ ছাৰ্জ চীট দাখিল আৰক্ষীৰ ৷ সাক্ষী হিচাপে 60 জনক ব্যৱহাৰ কৰিছে আৰক্ষীয়ে ৷ ঘটনা সন্দৰ্ভত মুঠ 20 ভিডিঅ' ৰেকডিং সংগ্ৰহ ৷
যোৰহাট, 23 ছেপ্টেম্বৰঃ ৰাজ্য কপোৱা টীয়ক চাহ বাগিচাত চিকিৎসক দেবেন দত্ত হত্যাকাণ্ডৰ ছাৰ্জ চীট দাখিল যোৰহাট আৰক্ষীৰ । মাত্ৰ 22 দিনৰ ভিতৰতে দাখিল কৰিবলৈ সক্ষম হৈছে ছাৰ্জ চীট । ইতিমধ্যে ঘটনাৰ লগত জড়িত 32 জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ সোমবাৰে সংবামেল অনুষ্ঠিত কৰি এই কথা প্ৰকাশ কৰে আৰক্ষী মহা প্ৰৱন্ধক জি ভি শ্ৰীভ প্ৰসাদে । সংবাদমেলত তেওঁ জনাই যে আৰক্ষীয়ে অতি ক্ষীপ্ৰতাৰে ঘটনাৰ তদন্ত চলাইছিল ৷ এই ক্ষেত্ৰত সৰ্বমুঠ 602 পৃষ্ঠাৰ ছাৰ্জ চীট দাখিল কৰা লগতে সমগ্ৰ ঘটনাৰ সাক্ষী হিচাপে 60 জনক ব্যৱহাৰ কৰিছে বুলি আৰক্ষী মহা প্ৰৱন্ধক গৰাকীয়ে জানিবলৈ দিয়ে ৷ ইতিমধ্যে সাক্ষী সকলৰ সম্পূৰ্ণ সুৰক্ষাৰ দিশটোত গুৰুত্ব দি ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে । উল্লেখযোগ্য যে, আৰক্ষীয়ে নিজস্ব ভাৱে ঘটনা সন্দৰ্ভত মুঠ 20 ভিডিঅ' ৰেকডিং সংগ্ৰহ কৰিছে ।