মৰিয়নী, 1 জুনঃ মৰিয়নীৰ দেৱশীষ গগৈ হত্যাকাণ্ডৰ লগত জড়িত 8 জন অভিযুক্তক এই পৰ্যন্ত আটক কৰিছে আৰক্ষীয়ে ৷ যোৱা 31 মে'ত আৰক্ষীয়ে আশীষ নায়ক, শচীন চাউৰা,ৰাধেশ্যাম কুৰ্মী আৰু অশোক চাউৰা নামৰ চাৰিজন লোকক আটক কৰে ৷ দেওবাৰে নিশা উজনি অসমৰ আৰক্ষী উপ-মহাপৰিদৰ্শক গঞ্জেৱালা আৰু তিতাবৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বৰ এটা দলে দেৱশীষ হত্যাকাণ্ডৰ লগত জড়িত পিন্টু নায়ক,ভাইকন বৰা,ৰমেশ বৰা,আৰু দীপক চবৰ নামৰ আন 4 জন লোকক আটক কৰিবলৈ সক্ষম হয় ৷
দেৱাশীষ গগৈ হত্যাকাণ্ডত অভিযুক্ত 8 গৰাকীক আটক
মৰিয়নীত সংঘটিত দেৱাশীষ গগৈ হত্যাকাণ্ডৰ লগত জড়িত 8 গৰাকীকৈ অভিযুক্তক আটক কৰিবলৈ সক্ষম হৈছে তিতাবৰ আৰক্ষী ৷ এই ঘটনাৰ লগত জড়িত আনকেইজন লোকৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
police arrested eight accused related with debashish gogoi murder case
ইয়াৰ সমান্তৰালকৈ ছ'চিয়েল মিডিয়াত এই হত্যাকাণ্ড সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰা দিপজ্যোতি নায়ক নামৰ নাগিনিজান চাহ বাগিছাৰ এজন যুৱককো আটক কৰে আৰক্ষীয়ে ৷ এই বৰ্বৰ ঘটনাৰ লগত জড়িত থকা আনকেইজন লোকৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷ সোমবাৰে এই হত্যাকাণ্ড সন্দৰ্ভত নিজৰ মন্তব্য প্ৰকাশ কৰিলে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই ৷
লগতে পঢ়কঃগণহত্যাঃ পিতৃ ভগ্নীৰ সন্মুখতে মৰিয়াই মৰিয়াই হত্যা যুৱকক