যোৰহাট, ১৭ অক্টোবৰ:কৃষি আৰু কৃষকৰ সন্মান বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা কাৰ্যসূচীৰ অধীনত সোমবাৰে ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান (Indian Agricultural Research Institute) নতুন দিল্লীত অনুষ্ঠিত কৃষক সন্মান সন্মিলন কাৰ্যসূচীৰ পোনপটীয়া অনলাইন সম্প্ৰচাৰ অসম কৃষি বিশ্ববিদ্যালয়তো (Live broadcast at Assam Agricultural University) কৰা হয় । অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালকালয়ৰ উদ্যোগত যোৰহাটৰ মুল চৌহদৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত এই কাৰ্যসূচী পাঁচ শতাধিক কৃষক উপস্থিত থাকে ।
বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড৹প্ৰসন্ন কুমাৰ পাঠকে আঁত ধৰা এই কাৰ্যসূচীত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুত চন্দন ডেকাই কৃষকসকলক কয় যে বৰ্তমান সময়ত কৃষিৰ লগতে কৃষি উদ্যোগৰ ওপৰতো অধিক গুৰুত্ব দিয়া হৈছে । অধিক মাটিত সমন্বিত ভাবে খেতি কৰি লাভান্বিত হোৱাৰ লগতে আগুৱাই যোৱাৰ দিশত চিন্তা কৰাটো বৰ্তমান অতি প্ৰয়োজনীয় হৈ পৰিছে । চৰকাৰী আঁচনিৰে সুলভ মুল্যত চাউল লাভ কৰি খেতি কৰিবলে এৰি সেই মাটি কম দামতেই বিক্ৰী কৰাটো চিন্তাৰ কাৰণ বুলি উল্লেখ কৰি চৰকাৰী আঁচনি নাথাকিলে কেনেকৈ চলিব সেয়াও চিন্তা কৰা প্ৰয়োজন বুলি কয় ।