যোৰহাট, 28 এপ্ৰিল :অসমৰ স্বাস্থ্যখণ্ডত সংযোজন ঘটিল এক নতুন অধ্যায়ৰ ৷ বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে মুকলি কৰিলে 7 খনকৈ কেঞ্চাৰ হাস্পতাল ৷ সমান্তৰালকৈ ভাৰ্চুৱেলী মুকলি কৰিলে যোৰহাট কেঞ্চাৰ হাস্পতাল (Modi virtually inaugurate Jorhat cancer hospital) ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটাই বৃহস্পতিবাৰে ৰাজ্যত 7 খনকৈ কৰ্কট সেৱা কেন্দ্ৰ মুকলি কৰে (PM Modi to inaugurate cancer hospitals in Assam) ৷
অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেছনৰ উদ্যোগত স্থাপন কৰা এই কৰ্কট পৰিসেৱা নেটৱৰ্কিং দক্ষিণ-পূৱ এছিয়াৰ সৰ্ববৃহৎ একক কৰ্কট ৰোগজনিত সেৱা প্ৰতিষ্ঠান (South Asia's largest cancer care network in Assam) হিচাপে পৰিগণিত হ'ব । টাটা ট্ৰাষ্টৰ আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত গঠিত অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেছনৰ দ্বাৰা অসমত নিৰ্মাণ কৰা হ'ব 17 খন বিভিন্ন পৰ্যায়ৰ কেঞ্চাৰ কেয়াৰ হাস্পতাল (Total 17 cancer hospitals in Assam) ৷