অসম

assam

ETV Bharat / state

Platinam Jublee of Agriculture College :সামাজিক মাধ্যমৰ কথা শুনিব নিবিচাৰো :মুখ্যমন্ত্ৰী - অসম কৃষি বিশ্ববিদ্যালয়

কৃষি বিশ্ববিদ্যালয়ৰ মহাৰজত সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । তেওঁ কয় যে গৱেষকসকলৰ মতে পাম অইল খেতি অসম বাবে উপযোগী ।

Jorhat Agricultural College
যোৰহাট কৃষি মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী

By

Published : Aug 16, 2023, 5:16 PM IST

যোৰহাট কৃষি মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী

যোৰহাট, ১৬ আগষ্ট:দুদিনীয়া কাৰ্যসূচীৰে যোৰহাট জিলাত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । প্ৰথম কাৰ্যসূচী হিচাপে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীগৰাকীয়ে যোৰহাট কৃষি মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে । তেওঁ অসম কৃষি বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত কৃষি বিশ্ববিদ্যালয়খনে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেনেদৰে আগুৱাই যাবলৈ সক্ষম হৈছে সেইবিষয়ে ব্য়াখ্য়া কৰে ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটৰ মূল চৌহদত কৃষি পৰিবৱেশ পৰ্যটন প্ৰকল্পৰ উপৰি উত্তৰ পূব জৈৱ প্ৰযুক্তিবিদ্যাৰ কেন্দ্ৰৰ ভৱন আৰু জীৱাণুসাৰ আৰু জৈৱ কীটনাশক উৎপাদন কেন্দ্ৰ,সৌৰ প্ৰকল্প শুভ উদ্ধোধন কৰে । মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই কৃষি বিশ্ববিদ্যালয়খনে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কিদৰে সাফল্য় লাভ কৰিবলৈ সক্ষম হৈছে সেইবিষয়ে বিৱৰণ আৰু খতিয়ান দাঙি ধৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে গৱেষণা ক্ষেত্ৰত আৰু বিভিন্ন প্ৰজাতিৰ ধান আবিস্কাৰ আৰু গৱেষণাত দেখুওৱা পাৰদৰ্শিতাৰ বাবে বিশ্ববিদ্যালয়খনৰ শলাগ লয় ।

ইয়াৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পুনৰ কয়,"অসমীয়ামূলৰ লোকে খেতি কৰিবলৈ বাদ দিছে , কিন্তু যি সকল অসমীয়ামূলৰ নহয় তেওঁলোকে খেতি কৰে । মই বুজো য'ত কৃষি পথাৰ সেউজ হৈ থাকে সেয়া অসমীয়ামূলৰ খেতিয়ক নহয় । আনহাতে,যি সমূহ পথাৰ ছন পৰি থাকে সেয়া হৈছে অসমীয়ামূলৰ খেতিয়কৰ কাম । "

ভাষণ প্ৰসংগত তেওঁ কয় পাম অইল খেতি সন্দৰ্ভতো সৰৱ হৈ কয়," অসমত এই খেতি কৰিবলৈ গৱেষকে অনুমোদন জনাইছে । সেয়েহে মই গৱেষকৰ কথা মতেহে কাম কৰিম, সামাজিক মাধ্যমৰ কথা মই শুনিব নিবিচাৰো।" তেওঁ অৰ্থনৈতিক দ্ৰুত উন্নয়নৰ বাবে সকলোকে কৃষি কৰ্ম কৰিবলৈ আহ্বান জনায় । মহাৰজত সামৰণি আজি অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰা, জনস্বাস্থ্য কাৰিকৰী আৰু পৰ্যটন বিভাগ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা আৰু যোৰহাটৰ অভিভাৱক মন্ত্ৰী তথা বিত্ত মন্ত্ৰী অজন্তা নেওগে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:FIR against bhabesh kalita: ৰাজ্যিক সভাপতিৰ বিৰুদ্ধে নগাঁৱত গোচৰ, ৰাষ্ট্ৰীয় পতাকাক অৱমাননাৰ অভিযোগ

ABOUT THE AUTHOR

...view details