যোৰহাট, 05 জুন :সমগ্ৰ বিশ্বৰ লগতে আজি যোৰহাটতো উদযাপন কৰা হ'ল প্ৰৱিত্ৰ ঈদ-উল- ফিতৰ ৷ ইপিনে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি 14 টা মছজিদলৈ দুটাকৈ গছ পুলি বিতৰণ কৰা হয় ৷
ঈদ উপলক্ষে যোৰহাটত 14টা মছজিদলৈ গছ পুলি বিতৰণ - প্ৰৱিত্ৰ ঈদ উল ফিতৰ
যোৰহাটৰ ঈদগাহ ময়দানত সমূহীয়া নামাজৰে ঈদ-উল-ফিতৰ উদযাপন কৰা হয় ৷
ঈদ উপলক্ষে যোৰহাটত 14 টা মছজিদলৈ গছ পুলি বিতৰণ
মাহযোৰা কঠোৰ ধৰ্মীয় অনুশাসন তথা উপবাসৰ শেষত আজি ইছলাম ধৰ্মীৰ লোকসকলে ঈদ-উল-ফিতৰ উদযাপন কৰে ৷ যোৰহাটৰ ঈদগাহ ময়দানত সমূহীয়া নামাজৰে ঈদ-উল-ফিতৰ উদযাপন কৰা হয় ৷ আনহাতে ঈদৰ নামাজ পঢ়াৰ আগতেই বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ঈদ গাহ ময়দানত নামাজীয়ে গছ ৰোপন কৰে ৷ লগতে যোৰহাটৰ 14টা মছজিদলৈ দুটাকৈ গছ পুলি বিতৰণ কৰা হয় ৷ প্ৰতিকূল বতৰকো নেওচি ব্যাপক ভাৱে ইছলাম ধৰ্মীৰ লোকসকলে এই সমূহীয়া নামাজত অংশ গ্ৰহণ কৰে ৷