অসম

assam

By

Published : Aug 4, 2022, 10:56 PM IST

ETV Bharat / state

Pijush Hazarika in Jorhat: বান-খহনীয়া পৰিস্থিতিৰ বুজ ল’লে মন্ত্ৰী পীযুষ হাজৰিকাই

যোৰহাটত জাঁজী আৰু ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ ( Pijush Hazarika visited Flood effected area of Jorhat) ৷ নিমাতীত মন্ত্ৰী হাজৰিকাৰ নিৰ্দেশত পাৰ্কুপাইনৰ কাম কৰি খহনীয়া ৰোধত সফলতা লাভ জলসম্পদ বিভাগৰ ৷

Pijush Hazarika visited Flood effected area of Jorhat at Jajimukh
জাঁজী আৰু ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

যোৰহাট, 4 আগষ্ট : বৃহস্পতিবাৰে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত হয় যোৰহাট জিলাৰ মৰিয়নী সমষ্টিৰ অন্তৰ্গত আমগুৰিৰ হাতীমুৰীয়াত (Pijush Hazarika in Jorhat) ৷ আমগুৰিৰ হাতীমুৰীয়াত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে জাঁজী নদীয়ে সৃষ্টি কৰা বান-খহনীয়াৰ পৰিস্থিতি বুজ লয় (Pijush Hazarika visited Flood effected area of Jorhat) ৷ লগতে কাষৰীয়া অঞ্চলটোক খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ স্থায়ী প্ৰতিৰোধৰ কামৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ বিভাগীয় অভিযন্তাক নিৰ্দেশ প্ৰদান কৰে ।

ইতিমধ্যে বিভাগৰ অস্থায়ী প্ৰতিৰোধ ব্যৱস্থাৰে অঞ্চলটোত খহনীয়া ৰোধ কৰি ৰখা হৈছে । মন্ত্ৰীগৰাকীয়ে স্থানীয় ৰাইজৰ সৈতেও আলাপ কৰি স্থায়ী প্ৰতিৰোধৰ কাম কৰা হ’ব বুলি কথা দিয়ে ৷ অঞ্চলটোক খহনীয়াৰ পৰা বচাবলৈ বিভাগীয়ভাৱে সম্পূৰ্ণ প্ৰয়াস কৰা হ’ব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷

জাঁজী আৰু ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

ইয়াৰ পাচত মন্ত্ৰীগৰাকীয়ে যোৰহাটৰ নিমাতীঘাটত উপস্থিত হৈ ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে বিভাগে বিগত সময়ত পাৰ্কুপাইন আৰু জিঅ' বেগৰ সহায়ত কৰা কাম পৰিদৰ্শন কৰে ৷ উল্লেখযোগ্য যে, বিগত সময়ত ব্যাপকভাৱে খহনীয়াত ক্ষতি হোৱা নিমাতীঘাটত মন্ত্ৰী হাজৰিকাই জিঅ’ বেগ আৰু পাৰ্কুপাইনৰ সহায়ত প্ৰতিৰোধৰ কাম কৰিবলৈ নিৰ্দেশ দিছিল ।

বান-খহনীয়াৰ পৰিস্থিতি বুজ ল’লে মন্ত্ৰী পীযুষ হাজৰিকাই

মন্ত্ৰীগৰাকীৰ নিৰ্দেশত বিভাগে প্ৰায় 4.5 কোটি টকা ব্যয়েৰে পাৰ্কুপাইন আৰু জিঅ’ বেগৰ সহায়ত খহনীয়া ৰোধৰ কাম কৰি সফলতা লাভ কৰিছিল । মন্ত্ৰীগৰাকীয়ে আজি লক্ষ্য কৰে যে বিগত সময়ত অঞ্চলটোত খহনীয়া ৰোধ হোৱাৰ লগতে প্ৰায় 50 মিটাৰ অংশত প্ৰায় 10 ফুট উচ্চতাৰ বালিৰ তৰপ বহি নদীখন মথাউৰিৰ পৰা কিছু আঁতৰি গৈছে ।

পাৰ্কুপাইনৰ কামৰ এনে সফলতা দেখি মন্ত্ৰীগৰাকীয়ে পৰৱৰ্তী সময়ত গোটেই ৰাজ্যখনতে ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে ব্যাপকভাৱে পাৰ্কুপাইন ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিব বুলি পৰিদৰ্শনৰ সময়ত প্ৰকাশ কৰে । উল্লেখ্য যে দুয়োটা স্থানতে মন্ত্ৰীগৰাকীক আজিৰ পৰিদৰ্শনৰ সময়ত মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু জলসম্পদ বিভাগৰ অভিযন্তাসকলে সংগ দিয়ে ৷

লগতে পঢ়ক :Flood in Assam 2022: দৰঙৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details