টীয়ক, ২৮ ডিচেম্বৰ:পথাৰ আমাৰ বজাৰ আমাৰ লক্ষ্যৰে অসমৰ একাংশ শিক্ষিত যুৱকে খেতি তথা পশুপালন, মীনপালন আদিকে জিৱীকাৰ মূল বৃত্তি হিচাপে বাচি লৈছে । এই ক্ষেত্ৰত চৰকাৰ বা বিভাগসূহেও এইসকল কৰ্মোদ্যমী যুৱকক সহায়ৰ বাবে ন ন আঁচনিৰ প্ৰস্তত কৰিছে । ইয়াৰ পিছতো বিপাঙত পৰিছে উজনি অসমৰ ক্ষুদ্ৰ গাহৰি পালকসকল (Pig Farmers in trouble at Teok)। কিয়নো বৰ্তমান হ্ৰাস পাবলৈ ধৰিছে গাহৰিৰ মূল্য । বজাৰত চাহিদা অধিক হোৱাৰ পিছতো এইসকল পালকে পোৱা নাই উচিত মূল্য । যাৰ বাবে এতিয়া বাৰুকৈ চিন্তিত এইসকল গাহৰি পালক ।
টীয়কৰ চিন্তামণিগড়ৰ কেন্দুগুৰি পথাৰৰ কাষত এদল যুৱকে আৰম্ভ কৰিছে গাহৰিৰ পাম । উল্লেখযোগ্য যে বৰদিন,নৱবৰ্ষ তথা মাঘ বিহুত গাহৰিৰ মাংসৰ চাহিদা অধিক বৃদ্ধি পায় বাবে যুৱকৰ দলটোৱে এই সময়ৰ বাবে সাজু হয় । সকলোৱে এইকেইটা দিনতে পালকে দুপইচা পোৱাৰ আশা কৰে । কিন্তু উত্তৰ প্ৰদেশ, পাঞ্জাৱ, হাৰিয়ানাকে ধৰি বহিঃৰাজ্যৰ পৰা গাড়ীয়ে গাড়ীয়ে গাহৰি অহাৰ ফলত থলুৱা গাহৰিৰ মূল্য হ্ৰাস পোৱাত এইসকল যুৱক হতাশ হৈছে ।
আফ্ৰিকান ছোৱাইন ফ্লুৰ (African Swine Flu) সময়ত বহিঃৰাজ্যৰ পৰা গাহৰিৰ আমদানি কৰাৰ ক্ষেত্ৰত পশুপালন বিভাগে নিষেধাজ্ঞা আৰোপ কৰিছিল যদিও উজনি অসমৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে নিতৌ সৰবৰাহ হৈ আছে গাহৰিভৰ্তি ট্ৰাক । যিহেতু অসমৰ গাহৰিৰ পালকসকলে অসমত প্ৰয়োজনীয় গাহৰিৰ মাংসৰ চাহিদা পুৰণ কৰিব পাৰে, সেয়ে এই ক্ষেত্ৰত এক যথোপযুক্ত ব্যৱস্থা তৎকালীনভাৱে চৰকাৰক গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে পালকসকলে ।