অসম

assam

ETV Bharat / state

Picnic place of Assam : বালিমাহী চাপৰিত বনভোজপ্ৰেমীৰ ভিৰ - যোৰহাট মাজুলী সংযোগী সপোনৰ দলং

বনভোজ ৷ এতিয়া বনভোজৰ সময় ৷ প্ৰতিদিনাই ৰাজ্যৰ বনভোজ স্থলীসমূহত পৰিলক্ষিত হৈছে বনভোজপ্ৰেমীৰ ভিৰ (Picnic place of Assam) ৷ পুৰণি বছৰটোক বিদায় দি নতুন বছৰটোক আদৰাত ব্যস্ত এতিয়া সকলো । এই সময়কণত টীয়কৰ জাঁজী আৰু ব্ৰহ্মপুত্ৰ নদীৰ সংগমস্থলী জাঁজীমুখ হাতীশালৰ বালিমাহী চাপৰিত কোনোৱে যদি উপভোগ কৰিছে প্ৰকৃতিৰ সৌন্দৰ্য, আন কোনোৱে আকৌ লৈছে বিভিন্ন খাদ্যৰ জুঁতি (Janjimukh sandbank Picnic spot) ৷

Picnic parties gathered at Janjimukh sandbank in Teok
বালিমাহী চাপৰিত বনভোজপ্ৰেমীৰ ভিৰ

By

Published : Dec 19, 2022, 7:16 PM IST

বালিমাহী চাপৰিত বনভোজপ্ৰেমীৰ ভিৰ

টীয়ক, 19 ডিচেম্বৰ :এতিয়া বনভোজৰ বতৰ (Season for picnics) । দৈনন্দিন জীৱনৰ ব্যস্ততাৰ পৰা আঁতৰি নিজৰ পৰিয়াল, বন্ধুবৰ্গ তথা আত্মীয় স্ব-জনৰ লগত যান্ত্ৰিকতাৰ পৃথিৱীৰ পৰা কিছু নিলগত গৈ নাচি বাগি আনন্দ উল্লাসেৰে এসাজ খাই পুৰণি বছৰটোক বিদায় দি নতুন বছৰটোক আদৰাত ব্যস্ত এতিয়া সকলো ।

আপুনিও নতুন বছৰত যান্ত্ৰিকতা, হাই হুলস্থূল, প্ৰদূষণ ইত্যাদিৰ পৰা আঁতৰি আপোনজনৰ লগত বনভোজ খোৱা বা ওলাই যোৱা পৰিকল্পনা কৰিছে নেকি ? সেউজীয়া পৰিৱেশত, নদীৰ পাৰত নিজৰ সন্তান তথা পৰিয়ালক লগত লৈ থলুৱা খাদ্যৰ জুঁতি ল’বলৈ ইচ্ছা কৰিছে নেকি ?

যদি কৰিছে এইবাৰ আহক টীয়কৰ জাঁজী আৰু ব্ৰহ্মপুত্ৰ নদীৰ সংগমস্থলী জাঁজীমুখ হাতীশালৰ এটা বিশেষ চাপৰিলৈ ।

হয়, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই জাঁজীমুখ হাতীশালৰ বালিমাহী চাপৰিটো (Janjimukh sandbank Picnic spot) ৷ এই চাপৰিটো স্থানীয় কেইবাজনো যুৱকে অশেষ চেষ্টা কৰি এক সুন্দৰ বনভোজ স্থলী তথা পৰ্যটকৰ স্থান হিচাপে গঢ়ি তুলিছে । ইয়াত নাই কোনো কৃত্ৰিমতা ৷ নাই যান্ত্ৰিকতাৰ ধামখুমীয়া ৷ সকলো কেৱল প্ৰকৃতিৰ দান । চৌদিশ সেউজীয়া আৰু সেউজীয়া ৷ নদী পাৰৰ ঝাও বনৰ মাজেৰে শ্যামলা পৰিৱেশৰ এই চাপৰিত এতিয়া প্ৰতিদিনাই বনভোজপ্ৰেমীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক :Nagaon Book Fair 2022 : গ্ৰন্থৰ সুবাস বিচাৰি নেহেৰুৱালিত গ্ৰন্থপ্ৰেমীৰ ভিৰ

পৰিকল্পিতভাৱে কেৱল প্ৰকৃতিৰ সৃষ্টিবোৰক কিছু ৰং তেল দি অত্যন্ত চাফ চিকুনকৈ সজাই পৰাই তুলি স্থানীয় যুৱকে এই চাপৰিৰ নাম দিছে বালিমাহী ৷ য'ত যুৱককেইজনে জাঁজীমুখৰ এঠা দৈ, মাছ, শাক-পাচলি, বিশুদ্ধ খোৱাপানী, গাড়ী থোৱাৰ স্থান, জনজাতীয় খাদ্য সম্ভাৰ আদি সকলো সুবিধাৰ সুন্দৰ ব্যৱস্থা কৰিছে । সচাঁই এক প্ৰদূষণমুক্ত মনোমোহা পৰিৱেশ বালিমাহীত ৷ নাই ধূলি অথবা ধোঁৱা ।

ইয়াৰ উপৰিও কণ কণ ল’ৰা-ছোৱালিৰ বাবে বিশেষ উমলাৰ ব্যৱস্থাও কৰিছে যুৱককেইজনে । ইমানে নহয়, জাঁজীমুখ হাতীশালাৰ ঐতিহ্য বহন কৰি উক্ত স্থানত ঘোঁৰা চাফাৰিৰ ব্যৱস্থাও কৰা হৈছে ৷ যি এইবাৰ উজনিৰ বনভোজ স্থলীসমূহৰ ভিতৰত বালিমাহী হ’ব আকৰ্ষণৰ অন্যতম কাৰণ ।

আনকি এই স্থানৰ পৰাই মাত্ৰ কিছু নিলগতে মহাবাহুৰ ওপৰত নিৰ্মাণ হৈ আছে যোৰহাট মাজুলী সংযোগী দলংখনো । সেয়ে নৱবৰ্ষত জাঁজীমুখৰ বিনন্দীয়া পৰিৱেশৰ মাজত আপোনজনৰ সৈতে এসাজ খাই যোৰহাট মাজুলী সংযোগী সপোনৰ দলংখনো পৰিদৰ্শন কৰিব পাৰিব বনভোজপ্ৰেমীয়ে ৷

উল্লেখ্য যে, টীয়ক নগৰৰ পৰা প্ৰায় 12 কিলোমিটাৰ নিলগত মহাবাহুৰ বুকুত স্থানীয় কেইগৰাকী যুৱকে গঢ়ি তোলা এই বনভোজ স্থলীয়ে ৰাইজক আনন্দ দিয়াৰ লগতে এই পদক্ষেপে গ্ৰাম্য অৰ্থনীতি তৰান্বিত কৰিব বুলি সচেতন মহলে আশা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক :Bhairabkunda picnic spot: পাহাৰৰ পৰা নামি অহা বন্যহস্তীয়ে ম্লান পেলালে বনভোজৰ আনন্দ

ABOUT THE AUTHOR

...view details