অসম

assam

ETV Bharat / state

পাঁচ মাহৰ অন্তঃসত্বা কিশোৰীক গৰ্ভপাত কৰাৰ অপচেষ্টা

মৰিয়নীৰ চেলেং চাহ বাগিছাৰ লাওজানত জঘন্য ঘটনা । পাচমাহৰ অন্তঃসত্বা কিশোৰীক গৰ্ভপাত কৰাৰ অপচেষ্টা বাগিছাৰ ফাৰ্মাচিষ্টৰ । আটচাই দাখিল কৰিলে এজাহাৰ ৷

pharmacist tries to abortion five month pregnant girl
pharmacist tries to abortion five month pregnant girl

By

Published : Jun 30, 2020, 10:58 PM IST

মৰিয়নী, 30 জুন : যোৰহাট জিলাৰ মৰিয়নীৰ চেলেং চাহ বাগিছাৰ লাওজানত সংঘটিত হৈছে এক জঘন্য ঘটনা। উক্ত বাগিচাখনৰ লাওজানৰ ১২ নং লাইনৰ এগৰাকী ১৫ বছৰীয়া কিশোৰী অন্তঃসত্বা হোৱাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । এই জঘন্য ঘটনাটোৰ লগত এজন পাণতাঁতী উপাধীৰ এজন লোক জড়িত আছে বুলি পৰিয়ালৰ লোকে সন্দেহ কৰিছে যদিও, এই ঘটনাত কোন জড়িত এতিয়াও পোহৰলৈ অহা নাই।

চেলেং চাহ বাগিছাৰ লাওজানত জঘন্য ঘটনা

অতি পৰিতাপৰ বিষয় এই যে পাঁচ মাহৰ অন্তঃসত্বা কিশোৰী গৰাকীক কেইবাদিন ধৰি গৰ্ভপাত কৰাৰ অপচেষ্টা কৰাৰ অভিযোগ উঠিছে চেলেং চাহ বাগিছাৰ ৰংখাম চিকিৎসালয়ৰ ফাৰ্মাচিষ্টত জনৰ বিৰুদ্ধে। দুৰ্ভাগীয়া কিশোৰী গৰাকীয়ে জানিব দিয়ে যে ফাৰ্মাচিষ্টত জনে কেইবাদিনো কিশোৰী গৰাকীক লগ কৰি গৰ্ভপাত কৰাৰ ঔষধ যোগান ধৰাৰ লগতে এই কথা গোপনে ৰখাৰ দাবী জনায়। এই কথাটোৱে এতিয়া গোটেই ঘটনাটো ৰহস্যৰ মাজলৈ ঠেলি দিছে।

পাঁচ মাহৰ অন্তঃসত্বা কিশোৰীক গৰ্ভপাত কৰাৰ অপচেষ্টা

গৰ্ভপাত আইনমতে দণ্ডনীয় বুলি জানিও উক্ত ফাৰ্মাচিষ্ট জনে গৰ্ভপাত কৰাত উৎসাহিত কৰিছিল বা এনে দুষ্কাৰ্য গাপ দিয়াৰ চেষ্টা কৰিছিল। বৰ্তমান দুৰ্ভগীয়া পৰিয়ালটোৱে চেলেংহাট আটছাক সমস্ত ঘটনা অৱগত কৰাত ইতিমধ্যে চেলেংহাট উপ শাখাই আৰক্ষী চকীত সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে এখন এজাহাৰ দাখিল কৰে ।

লগতে পঢ়ক :বানত ডুব যোৱা পথত পৰি মৃত্যু এজনৰ

ABOUT THE AUTHOR

...view details