যোৰহাট,১২ মে':অসম কৃষি বিশ্ববিদ্যালয়ে (Assam Agricultural University) আৰম্ভ কৰা চাহ উৎপাদন প্ৰযুক্তি আৰু বুদ্ধিদীপ্ত ব্যৱস্থাপনাৰ স্নাতকোত্তৰ ডিপ্লমা পাঠ্যক্ৰম আজিৰে পৰা বিশ্ববিদ্যালয়ৰ যোৰহাটস্থ মুল চৌহদত আৰম্ভ হৈছে (PGDC in tea production technology and intelligent management) । বিশ্ববিদ্যালয়খনে প্ৰথমবাৰৰ বাবে প্ৰবৰ্তন কৰা এবছৰীয়া এই পাঠ্যক্ৰমৰ আজি আনুষ্ঠানিকভাবে শুভাৰম্ভণি কৰে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই ।
বিশ্ববিদ্যালয়ৰ চাহ কৃষিকৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগত অনুষ্ঠিত এই অনুষ্ঠানত বক্তব্য ৰাখি উপাচাৰ্য গৰাকীয়ে কয় যে চাহ শিল্পৰ ক্ষেত্ৰখন প্ৰত্যাহ্বানমুলক হলেও সুযোগ যথেষ্ট আছে । সেই সুযোগসমুহৰ সন্ধান কৰি প্ৰতিষ্ঠিত সৎ সফল ব্যৱসায়ী হবৰ বাবে নতুন নতুন চিন্তাৰে আগবাঢ়িব লাগিব । এই প্ৰশিক্ষণে এনেবোৰ দিশত আগুৱাই যোৱা ক্ষেত্ৰত পথৰ সন্ধান দিব আৰু তাৰবাবে চিন্তা কৰোতেই নতুন ধৰণেৰে কৰি যাব লাগিব ।
সৰু সৰু কথা আৰু চিন্তাৰে আগবাঢ়ি গৈ থাকিলেই আমি বহুত দুৰলৈকে যাব পাৰিম আৰু তাৰবাবে লক্ষ্য নিৰ্ধাৰণ কৰি উৎপাদন , প্ৰস্তুত প্ৰণালী আৰু বিপননৰ দিশত সামঞ্জস্য ৰক্ষা কৰি এতিয়াৰে পৰা গোট হিচাপে আগবাঢ়িলে অধিক সফল হব পৰা যাব ।
শুভাৰম্ভনি অনুষ্ঠানটোত উপস্থিত থাকি অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞানগুৰু ড° জয়ন্ত ডেকাই মানৱ সম্পদৰ প্ৰয়োজনীয়তা পূৰণৰ দিশত চাহ কৃষিকৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগে গ্ৰহণ কৰা ভূমিকাৰ শলাগ লয় আৰু চাহৰ মুল্য সংযোজন ব্যৱস্থাৰে বেলেগ বেলেগ সামগ্ৰী প্ৰস্তুত কৰাৰ দিশত মনোনিবেশ কৰিবলৈকো আহ্বান জনাই ।