নিউজ ডেস্ক, 10 জুনঃকীট-পতংগ নিয়ন্ত্ৰণ এনে এক ব্যৱস্থা,য’ত শস্য ৰক্ষাৰ বিভিন্ন পদ্ধতি অৱলম্বন কৰি, শস্যৰ লগতে মানুহৰ স্বাস্থ্য আৰু পাৰিপাৰ্শ্বিক ভাৰসাম্যতাও সু-নিশ্চিত কৰে । কিন্তু প্ৰায়েই ইয়াৰ বিপৰীত ছবিও প্ৰতিফলিত হয় ৷ শস্যৰ উৎপাদন বৃদ্ধিৰ বাবে যধে-মধে ব্যৱহাৰ কৰা হয় কীট নাশক দ্ৰব্য ৷ কিন্তু এতিয়াৰে পৰা কৃষি ক্ষেত্ৰত কীটনাশক ব্যৱহাৰত কিছু সাৱধান হ'ব লাগিব ৷ কাৰণ আহি আছে এখন নতুন বিধেয়ক ৷ Pesticide Management Bill 2017 ইতিমধ্যেই ৰাজ্যসভাত দাখিল কৰা হৈছে ৷ এই বিধেয়কখন গৃহিত হ'লেই কীটনাশক ব্যৱহাৰৰ ক্ষেত্ৰত বাধ্য বাধকতা আহি পৰিব ৷ সমান্তৰালভাৱে কৃষক আৰু বিক্ৰেতাও ৰাসায়নিক কীটনাশক দ্ৰব্য ব্যৱহাৰ আৰু বিক্ৰীৰ ক্ষেত্ৰত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নীতি নিৰ্দেশনা মানি চলিব লাগিব ৷ যাৰ বাবে এই বিধেয়কখনক লৈ এক মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অসমৰ চাহ উদ্যোগী সকলৰ মাজত ৷
এফালে যদি কীটনাশক বিধেয়কখনক লৈ একাংশ ক্ষুদ্ৰ চাহ খেতিয়কে সন্তুষ্টি প্ৰকাশ কৰিছে, আনফালে বিধেয়কখনক লৈ দোমোজাত পৰিছে আন একাংশ লোক ৷ উল্লেখ্য যে,কেটাৰপিলাৰ,লুপাৰ,ৰেড স্পাইডাৰকে আদি কীট-পতংগ সাধাৰণতে চাহ খেতিৰ বাবে সমস্যাৰ হৈ আহিছে ৷ ফলত চাহ গছত ব্যৱহাৰ কৰা হয় ৰাসায়নিক কীট নাশক ৷ যি মানৱ শৰীৰৰ বাবে ক্ষতিকাৰক হিচাপে পৰিগণিত হৈ আহিছে ৷ একেদৰে গুণাগুণৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি কৰে ৰাসায়নিক কীট নাশকে ৷ বিদেশলৈ অসমৰ চাহ ৰপ্তানিৰ ক্ষেত্ৰতো বাধাৰ প্ৰচীৰ হিচাপে থিয় দিছে ৰাসায়নিক কীটনাশকৰ ব্যৱহাৰ ৷