যোৰহাট, 7 জানুৱাৰী:মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সুমতি বিচাৰি যোৰহাট জিলাৰ টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰত ৰাইজৰ সেৱা প্ৰাৰ্থনা ৷ স্থানীয় ৰাইজৰ লগত সহযোগিতা কৰে বীৰ লাচিত সেনা,সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মী সমৰ্থকে ৷
জাতি ধ্বংসী বিৰ্তকিত আইনখন বাতিলৰ বাবে যাতে তেওঁলোকক ভগৱানে সুমতি প্ৰদান কৰে তাৰ বাবে শৰাই আগবঢ়ায় । ইপিনে অসমবাসীয়ে ‘কা’ৰ বিৰুদ্ধে ইমান গণ আন্দোলন কৰাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে অসমবাসীক বুঢ়া আঙুলি দেখুৱাই ৰাজ্যসভা আৰু লোকসভাত বিলখন গৃহীত কৰিলেও ভগৱানৰ সভাত গৃহীত নহয় বুলি বিশ্বাস ৰাইজৰ।