অসম

assam

ETV Bharat / state

আদৰ্শ গাঁৱৰ নামত বালিজান শ্যামবাসীক প্ৰৱঞ্চনা সাংসদ কামাখ্যাপ্ৰসাদ তাছাৰ

দেশৰ প্ৰধানমন্ত্ৰীৰূপে দায়িত্বভাৰ লৈয়ে নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰতিগৰাকী সাংসদকে নিজৰ সংসদীয় এলেকাত দুখনকৈ আদৰ্শ গাঁও নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিছিল । প্ৰধানমন্ত্ৰীৰ ঘোষণাৰ পাচতেই যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যাপ্ৰসাদ তাছাইও আদৰ্শ গাঁও নিৰ্মাণ কৰাৰ পৰিকল্পনা লয় যদিও বাস্তৱত তাৰ প্ৰতিফলন ঘটোৱাত চূড়ান্তভাৱে ব্যৰ্থ হয় সাংসদগৰাকী ।

By

Published : Mar 24, 2019, 5:41 PM IST

আদৰ্শ গাঁওৰ নামত বালিজান শ্যামবাসীক প্ৰবঞ্চনা সাংসদ কামাখ্যাপ্ৰসাদ তাছাৰ

তিতাবৰ,24 মাৰ্চ: বাস্তবায়িত নহ'ল প্ৰধানমন্ত্ৰীৰ আদর্শ গাঁৱৰ সপোন ৷ কোটি কোটি টকাৰ ঘোষণা আৰু বিয়াগোম আঁচনি ভাষণতে সীমাবদ্ধ থাকিল বুলি অভিযোগ আদৰ্শ গাঁৱৰ তদাৰকী সমিতিৰ ।

দেশৰ প্ৰধানমন্ত্ৰীৰূপে দায়িত্বভাৰ লৈয়ে নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰতিগৰাকী সাংসদকে নিজৰ সংসদীয় এলেকাত দুখনকৈ আদৰ্শ গাঁও নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিছিল । প্ৰধানমন্ত্ৰীৰ ঘোষণাৰ পাচতেই যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যাপ্ৰসাদ তাছাইও আদৰ্শ গাঁও নিৰ্মাণ কৰাৰ পৰিকল্পনা লয় যদিও বাস্তৱত তাৰ প্ৰতিফলন ঘটোৱাত চূড়ান্তভাৱে ব্যৰ্থ হয় সাংসদগৰাকী ।

ৰাজনৈতিক মুনাফা আদায় কৰিবলৈ কচুখাত গাঁও পঞ্চায়তৰ অধীনত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে গ্ৰাম্য পৰ্যটন প্ৰকল্পৰ তালিকাত স্বীকৃতি দিয়া বালিজান শ্যাম গাঁৱখনকে নিৰ্ব্বাচিত কৰে সাংসদগৰাকীয়ে । ইতিমধ্যে তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে প্ৰায় এক কোটি টকা ব্যয় কৰি গাঁওখনক পৰ্যটন প্ৰকল্প ৰূপে গঢ়ি তুলিবলৈ আন্তঃগাঁথনিও সম্পূৰ্ণ কৰি তুলিছিল । পাচে চল চাই কঠিয়া পৰাৰ দৰে নিজৰ উন্নয়নৰ ঢোল বজাবলৈ গাঁওখনক আৰ্দশ গাঁও বনাবলৈ গৈ গাঁওবাসীক দিয়া ভুৱা প্ৰতিশ্ৰুতি আৰু মিথ্যাচাৰিতাৰ বাবে এতিয়া সাংসদগৰাকীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে গাঁওখনৰ জনসাধাৰণ ।

আদৰ্শ গাঁওৰ নামত বালিজান শ্যামবাসীক প্ৰবঞ্চনা সাংসদ কামাখ্যাপ্ৰসাদ তাছাৰ

চৰকাৰী প্ৰতিশ্ৰুতিৰ পাচত তদাৰকী সমিতি আৰু গাঁৱৰ জনসাধাৰণে প্ৰাপ্য বিচাৰি বিভাগীয় কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে ঘূৰি বাটৰ বন মাৰিলে যদিও সাংসদ পুঁজিৰ পৰা গাঁওখনলৈ গজাল এটা আনিবলৈও সক্ষম নহ'ল গাঁওবাসী । আদৰ্শ গাঁৱৰ পৰিকল্পনা সম্পৰ্কে আদৰ্শ গাঁও তদাৰকী সমিতিৰ উপসভাপতি শৈমেত শ্যামে দাঙি ধৰা তথ্য অনুসৰি 2014 চনৰ 20 চেপ্তেম্বৰত জিলাখনৰ সকলো বিভাগৰ বিভাগীয় মুৰব্বীসকলক লগত লৈ বালিজান পৰ্যটন প্ৰকল্পৰ সভাকক্ষত আদৰ্শ গাঁৱৰ নামফলক উদ্বোধন কৰি দেশৰ ভিতৰতে চালে চকু ৰোৱা গাঁও হ'ব বুলি গাঁৱবাসীৰ আগত ব্যক্ত কৰিছিল সাংসদগৰাকীয়ে । তদানীন্তন জিলা উপায়ুক্ত বিশাল বসন্ত চোলাংকীয়ে সভাপতিত্ব কৰা সভাখনত প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা নিযুক্তি দিয়া অমিত খূছোৱা আৰু মৃণাল দেশমুখেও আদৰ্শ গাঁৱৰ নডেল বিষয়াৰূপে সভাত অংশ লৈছিল । এই সভাতে জিলাখনৰ প্ৰতিটো বিভাগে গাঁওখনৰ সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক দিশতো টনকীয়াল কৰাৰ স্বাৰ্থত বিভিন্ন আঁচনি ৰূপায়ন কৰাৰ প্ৰতিশ্ৰুতি দিছিল । তথা প্ৰকল্প ৰূপায়ণৰ দায়িত্ব লৈছিল তদানীন্তন যোৰহাট জিলাৰ প্ৰকল্প বিষয়া ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া লয়া মাদুৰীয়ে । প্ৰতিশ্ৰুতি অনুসৰি অসম বিদ্যুৎ বিতৰণৰ অধীনত গাঁওখনত সৌৰশক্তিৰ জৰিয়তে ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কাৰ্যকৰী কৰা, বিশুদ্ধ খোৱাপানী যোগান ধৰা, স্বাস্থ্যসেৱাৰ বাবে গাঁওখনত নিজাববীয়াকৈ এম্বুলেন্স যোগান ধৰা, নিবনুৱাসকলৰ স্বনিয়োজনৰ বাবে মীনপালনৰ সুবিধা প্ৰদান কৰা, গাঁৱৰ শিপিনীসকলৰ বাবে হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ বিনামূলীয়া প্ৰশিক্ষণ আৰু সূতা বিতৰণ কৰা, গাঁওখনত এটা ৰাষ্ট্ৰীয়কৃত বেংকৰ শাখা স্থাপন কৰাৰ লগতে এ টি এম সেৱা মুকলি কৰা ইত্যাদি এশ এবুৰি ঘোষণা কৰাৰ পাচতো এটা ঘোষণাও বাস্তৱত ৰূপায়িত নহ'ল বুলি অভিযোগ উত্থাপন কৰে আদৰ্শ গাঁও তদাৰকী সমিতিৰ উপসভাপতিগৰাকীয়ে ।

আঁচনি ঘোষণাৰ দিন ধৰি অনুদান দিয়া দূৰৰ কথা ,জনপ্ৰতিনিধিগৰাকীৰ ছাঁটোকে দেখা নোপোৱাৰ প্ৰতিবাদত সাংসদগৰাকীয়ে উন্মোচন কৰা আদৰ্শ গাঁৱৰ ফলকখনো আঁতৰাই পেলায় বিতুষ্ট ৰাইজে । কেৱল এয়াই নহয়, লোকৰ পিঠাৰে বিহু পাতিবলৈ অহা সাংসদগৰাকীৰ মিছা প্ৰলোভনৰ প্ৰত্যুত্তৰ আগন্তুক নিৰ্বাচনত ৰাইজে দিবলৈ সাজু বুলিও উল্লেখ কৰে আদৰ্শ গাঁও তদাৰকী সমিতিৰ উপসভাপতিগৰাকীয়ে ।

ABOUT THE AUTHOR

...view details