যোৰহাট, 14 অক্টোবৰ :আজি মহালয়া ৷ জনবিশ্বাস মতে, আজি মৰ্ত্যলৈ নামি আহিব মহিষমৰ্দিনী দেৱী দুৰ্গা । মহালয়াৰ সমান্তৰালভাৱে ৰাজ্যত আৰম্ভ হৈছে দুৰ্গাপূজাৰ উৎসৱমুখৰ পৰিৱেশৰ । মহালয়াৰ দিনটোত ৰাজ্যত দেখা গৈছে এক উৎসৱ মুখৰ পৰিৱেশ । মহালয়াৰ পবিত্ৰ দিনটোত যোৰহাটটো দেখিবলৈ পোৱা গ’ল জনসমুদ্ৰ ।
শনিবাৰৰ পুৱতি নিশা যোৰহাটৰ গড়আলি, এ টি ৰোড আৰু নআলি অভাৰ ব্ৰীজকে ধৰি সকলোতে দেখিবলৈ পোৱা গৈছে জনসমুদ্ৰ । ডেকা গাভৰুৰ পৰা আৰম্ভ কৰি প্ৰাপ্তবয়স্ক প্ৰতিগৰাকী লোকে দুগুণ উৎসাহেৰে মহালয়াৰ পবিত্ৰ দিনটোত ঘৰৰ পৰা ওলাই অহা দেখা গৈছে ।
উল্লেখ্য যে, পবিত্ৰ মহালয়াৰ পিচৰ পৰাই দেৱীপক্ষ আৰম্ভ হয় । দেৱীপক্ষৰ প্ৰথম দিনটোত পৱিত্ৰ ৰাতি শ্ৰী শ্ৰী শৈল্য পুত্ৰী ৰূপত পূজা কৰা হয় । এনেদৰে দেৱীপক্ষৰ 9 টা দিন বা নৱ ৰাত্ৰিত দেৱী দুৰ্গাৰ 9 টা ৰূপক পূজা কৰা হয় । সংস্কৃত অৰ্থত মহালয়া মহা মানে পৰম । আনহাতে, প্ৰথম অৰ্থত লয়া মানে বিলীন, দ্বিতীয় অৰ্থত আলয় মানে ঘৰ অৰ্থাৎ ঘৰত উৎসৱৰ আৰম্ভণি ।