টীয়ক , 30 এপ্ৰিল : চাৰিলেন পথ সম্প্ৰসাৰণৰ কামৰ লেহেমীয়া গতি ৷ দুৰ্ভোগ ভুগিছে জনসাধাৰণে ৷
চাৰিলেন পথ নিৰ্মাণৰ শামুকীয়া গতিঃ দুৰ্ভোগ ভুগিছে জনসাধাৰণে - টিয়ক
2007 চনতে পথ সম্প্ৰসাৰণৰ কাম আৰম্ভ কৰিবলৈ আইচ'লেক্স নামৰ এটা কোম্পানীক দায়িত্ব অৰ্পণ কৰিছিল ৷ কিন্তু কামৰ গতি অতি নিম্নমানৰ আৰু লেহেমীয়া হোৱাৰ বাবে উক্ত প্ৰতিষ্ঠানটোক কামৰ পৰা অব্যাহতি দি জি ডি চি এল নামৰ এটা কোম্পানীক পুনৰ পথ সম্প্ৰসাৰণৰ কামৰ ঠিকা আবন্টন দিছিল। এই কোম্পানীটোৱেও অতি শামুকীয়া গতিত কাম কৰিবলৈ লোৱাত কামৰ অগ্ৰগতিৰ নামত দহ শতাংশই আগনাবাঢ়িল ৷
চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণৰ কাম অতি লেহেমীয়া হোৱাৰ বাবে উজনিৰ অন্যান্য স্থানৰ লগতে যোৰহাট জিলাৰ টীয়কতো সৰ্বসাধাৰণ ৰাইজেও দুৰ্ভোগ ভোগ কৰিছে ৷ লেহেমীয়া গতিত বিশেষকৈ ক্ষতিগ্ৰস্ত হৈছে টীয়ক নগৰৰ ব্যবসায়ীসকল ।উল্লেখ্য যে , 2007 চনতে পথ সম্প্ৰসাৰণৰ কাম আৰম্ভ কৰিবলৈ আইচ'লেক্স নামৰ এটা কোম্পানীক দায়িত্ব অৰ্পণ কৰিছিল ৷ কিন্তু কামৰ গতি অতি নিম্নমানৰ আৰু লেহেমীয়া হোৱাৰ বাবে উক্ত প্ৰতিষ্ঠানটোক কামৰ পৰা অব্যাহতি দি জি ডি চি এল নামৰ এটা কোম্পানীক পুনৰ পথ সম্প্ৰসাৰণৰ কামৰ ঠিকা আবন্টন দিছিল। কিন্তু এই কোম্পানীয়েও অতি শামুকীয়া গতিত কাম কৰিবলৈ লোৱাত কামৰ অগ্ৰগতিৰ নামত দহ শতাংশই আগনাবাঢ়িল ।
কোম্পানীটোৱে পথৰ কাষত নিৰ্মাণ কৰা পকী নলাসমূহ অপৰিকল্পিতভাৱে নিৰ্মাণ কৰাৰ বাবে জমা হোৱা পানী নিষ্কাষণ হোৱাৰ পৰিৱৰ্তে পথৰ দাঁতিত ব্যৱসায়িক প্ৰতিষ্ঠানৰসমূহৰ সন্মুখ ভাগত এক আহুকলীয়া পৰিবেশৰ সৃষ্টি কৰিছে । সম্প্ৰতি 37 নং ৰাষ্ট্ৰীয় ঘাইপথটোৱে জৰাজীৰ্ণ ৰূপ ধাৰণ কৰাত সঘনে দুৰ্ঘটনা সংঘটিত হৈছে । তদুপৰি পথ সম্প্ৰসাৰণৰ কাম সম্পূৰ্ণ নোহোৱাৰ বাবে টীয়ক পৌৰসভাই পথৰ দাঁতি কষৰীয়া স্থানসমূহত কোনো ধৰণৰ উন্নয়নমূলক আঁচনি গ্ৰহণ কৰিব নোৱৰাত কৰ্দয ৰূপ ধাৰণ কৰিছে নগৰখনৰ বিভিন্ন স্থানসমূহ ।পথ সম্প্ৰসাৰণৰ কাম খৰতকীয়াকৈ কৰাৰ দাবী জনাইছে জাতীয় দল সংগঠনৰ লগতে সচেতন ৰাইজে ।লগতে পথৰ দাঁতিত যধে-মধে অস্থায়ীকৈ দোকান বজাৰ বহাত বৰ্তমান নগৰখনত এক কদৰ্যময় পৰিবেশে বিৰাজ কৰিছে।